NORTHEAST NOW (Assamese)
অসম

এঘন্টাত ৬ লাখ গছ পুলি ৰুই লিমকা ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰা লক্ষ্য চৰাইদেওৰ

Posted by: এন ই নাও নিউজ March 26, 2018 1:09 pm
PS-570x320

উজনি অসমৰ চৰাইদেও জিলাই অহা ১ এপ্ৰিলত এঘন্টাৰ ভিতৰত ছয় লাখতকৈও অধিক গছ পুলি ৰুই ‘লিমকা বুক অফ ৰেকৰ্ড’ত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

‘’ গোলকীয় উষ্ণতাৰ বিৰুদ্ধে আমাৰ যুঁজৰ এক অংশ হিচাপে এঘন্টাৰ ভিতৰত ৬,১৬,৬৩৯ টা গছ পুলি ৰোৱাৰ আমি পৰিকল্পনা কৰিছো। কোনো বাধা নোহোৱাকৈ গছ পুলি ৰোপন অভিযানটো সম্পূৰ্ণ কৰাৰ বাবে এখন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছো,’’- চৰাইদেওৰ উপায়ুক্ত বিবেকানন্দ ফুকনে দেওবাৰে কয়।

তেওঁ কয় যে গছ পুলি ৰোপনৰ কাৰ্যসূচীটো একেসময়তে জিলাখনৰ বিভিন্ন স্থানত ৰূপায়ন হ’ব। সংৰক্ষিত বনাঞ্চলকে ধৰি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ চৌহদসমূহত, নামঘৰৰ চৌপাশ, চৰকাৰী কাৰ্যালয়ৰ চৌহদ, পতিত মাটি আদিত গছ পুলি ৰোপন কৰা হ’ব। কাৰ্যসূচী ৰাতিপুৱা ১১ বজাত আৰম্ভ কৰা হ’ব।

লিমকা বুক অফ ৰেকৰ্ডছত হাৰিয়ানাৰ ফৰিদাবাদে ২০১৫ চনত তিনিঘন্টাৰ ভিতৰত দুই লাখ পুলি ৰুই বিশ্ব অভিলেখৰ অধিকাৰী হৈছে।

ডিব্ৰু ছৈখোৱা কনজাৰ্ভেশ্যন ছচাইটিৰ সচিব জয়নাল আবেদিন আৰু এটা পৰিৱেশমূলক বেচৰকাৰী সংস্থা নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাতা সৌম্যদ্বীপ দত্তকে ধৰি বহু বিশিষ্ট অতিথিয়ে অভিযানটোত অংশগ্ৰহণ কৰিব।

‘’মুকলি অনুষ্ঠানটো নগানদীত হ’ব য’ত অতিথিসকলে প্ৰথমটো গছপুলি ৰোপন কৰি অভিযানটো আৰম্ভ কৰিব। ইয়াৰ পিছতে হেজাৰ সংখ্যক লোকে ছয় লাখ গছপুলি জিলাখনৰ বিভিন্ন স্থানত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ৰোপন কৰিব,’’-তেওঁ কয়।

অভিযানটোক সফল কৰি তুলি এটা নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰিছে উপায়ুক্ত ফুকনে। ‘’মই গছ পুলি ৰোপনৰ এই মহান কাৰ্যত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।‘’

অভয়পুৰ আৰু ছিংলো সংৰক্ষিত বনাঞ্চলত প্ৰায় তিনি লাখ গছপুলি ৰোপন কৰা হ’ব।

অভিযানটো নিৰীক্ষণ কৰিবলৈ বিভিন্ন স্থানত চাৰিগৰাকী স্বতন্ত্ৰ পৰ্যবেক্ষক বা সাক্ষী থাকিব।

চৰাইদেওৰ সহকাৰী উপায়ুক্ত নুজহাট নাছৰিনে কয় যে তেওঁলোকে লিমকা বুক অফ ৰেকৰ্ডছৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকে গছ পুলি ৰোপন অভিযানৰ ৰেকৰ্ডিং ভিডিঅ’ , পৰ্যবেক্ষকৰ প্ৰতিবেদন আৰু  কাৰ্যসূচীটোৰ অন্যান্য বিশদ বিৱৰণ ২০ জুনৰ ভিতৰত পঠাবলৈ কৈছে।

‘’সকলো বিশদ তথ্য পৰীক্ষা কৰি তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব,’’-তেওঁ কয়।