NORTHEAST NOW (Assamese)
অসম

নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি মানবেন্দ্ৰ ৰাভাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ February 22, 2018 9:31 am
Manabendra Rabha

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মানবেন্দ্ৰ ৰাভাই বুধবাৰে দুধনৈস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

ৰাভা জাতিৰ নিষ্ঠাৱান কৰ্মী গৰাকীৰ মৃত্যুত অঞ্চলটোত গভিৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়।

মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহ অগণন লোকে ভৰি পৰে। তেওঁৰ মৃতদেহ লৈ দুধনৈ চহৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই দুধনৈ ৰাজহোৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজ কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰৰণ কৰা এক শোক বাৰ্তাত মানবেন্দ্ৰ ৰাভাৰ মৃত্যু ৰাভা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰাৰ লগতে এজন জাতিটেৰ এজন নিষ্ঠাৱান কৰ্মীক হেৰোৱা বুলি শোক প্ৰকাশ কৰে।

উল্লেখ্য যে ১৯৫৪ চনৰ ২০ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা ৰাভা ছাত্ৰাৱস্থাৰ পৰাই সমাজিক কাম-কাজৰ  সৈতে জড়িত আছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য থকা ৰাভা অগপৰ প্ৰতিষ্ঠা কালতে দলটোত যোগদান কৰি এজন সক্ৰিয় কৰ্মী হিচাপে কাম কৰিছিল। পিছত তেওঁ বিজেপিত যোগদান কৰে।

মৃত্যু সময়লাকে নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্বত থকা বিশিষ্ট নেতা গৰাকী অঞ্চলটোৰ আন বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত আছিল।

ৰাভাৰ মৃত্যুত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে দুধনৈ চহৰৰ দোকান-পোহাৰ দুঘণ্টাৰ বাবে বন্ধ ৰখা হয়।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে গৈ প্ৰয়াত মানবেন্দ্ৰ ৰাভাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।