NORTHEAST NOW (Assamese)
অসম

নিশা বিয়াৰ অনুষ্ঠানত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰৰ তাণ্ডৱ

Posted by: এন ই নাও নিউজ February 21, 2018 11:11 am
অভিযান্ত্ৰিক

মঙলবাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইজনমান সুৰামত্ত ছাত্ৰই জালুকবাৰীৰ এখন বিবাহানুষ্ঠানত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ লগতে বিবাহানুষ্ঠানটোত উপস্থিত লোকক প্ৰহাৰ কৰাৰ লগতে দৰাকো প্ৰহাৰ কৰাৰ দৰে লজ্জাজনক ঘটনা ঘটাইছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মঙলবাৰে শেষ নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰায় ৩০০ তকৈ অধিক ছাত্ৰই প্ৰৱেশ কৰে আৰু তাৰ পিছত বিবাহানুষ্ঠানত উদ্ভণ্ডালিৰে তাণ্ডৱ চলোৱাৰ লগতে বিবাহনুষ্ঠানটোত উপস্থিত থকা লোক সকলক প্ৰহাৰ কৰে।

জানিব পৰামতে সুৰামত্ত যুৱককেইজনে প্ৰথমে বিবাহানুষ্ঠানত উপস্থিত যুৱতীক দুৰ্ব্যৱহাৰ কৰে আৰু বিবাহস্থলীত দৰাক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। যুৱক কেইজনে হাতে হাতে হকী ষ্টিক আৰু বিয়েৰ বটলৰ ভগা অংশ লৈ ৰাইজক প্ৰহাৰ কৰে।

এটা সূত্ৰই জানিবলৈ দিয়ে যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই নিশা ডাম্পাৰৰ পৰাও চান্দা তোলে। মঙলবাৰে নিশাও ডাম্পাৰৰ পৰা চান্দা সংগ্ৰহ কৰিবলৈ যাওঁতেই ডাম্পাৰ চালকৰ সৈতে ছাত্ৰ কেইজনৰ কোনো কথাত সংঘৰ্ষৰ সৃষ্টি হয়। ফলত ডাম্পাৰ চালকজন বিয়াৰ ঘৰৰ ফালে পলায়ন কৰে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ কেইজনে বিয়াৰ ঘৰত আশ্ৰয় লোৱাৰ সন্দেহত বিয়াৰ ঘৰত প্ৰৱেশ কৰি এই উদ্ভণ্ডালি তথা তাণ্ডৱ চলাবলৈ ধৰে।

উল্লেখযোগ্য যে পৰিয়ালৰ লোকে আৰক্ষীক ঘটনাৰ সম্পৰ্কে অৱগত কৰাত অৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে সুৰামত্ত ছাত্ৰকেইজনক নিৰাপদে ছাত্ৰ নিৱাসত থৈ আহে।

আনহাতে আৰক্ষী আয়ুক্ত হীৰেন নাথে আইন হাতত তুলি লোৱা ছাত্ৰকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীয়ে ইতিমধ্যে উদ্ভণ্ডালি চলোৱা ছাত্ৰকেইজনক চিনাক্ত কৰিছে বুলিও জানিবলৈ দিয়ে।

তেওঁ লগতে উল্লেখ কৰে যে মহাবিদ্যালয় কৰ্তৃপক্ষও এই ক্ষেত্ৰত জগৰীয়া। নিশা ১.৩০ বজাত কেনেদৰে মহবিদ্যালয়ৰ ছাত্ৰ বাহিৰলৈ ওলাবলৈ সক্ষম হল বুলিও প্ৰশ্ন কৰে।

শেহতীয়াকৈ আৰক্ষী সূত্ৰই জনোৱা মতে উক্ত ঘটনাৰ লগত জড়িত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৮ জন ছাত্ৰক আৰক্ষীয়ে আটক কৰিছে। আটকাধীন ছাত্ৰকেইজনক ক্ৰমে মানস বৈশ্য, মানস শৰ্মা, মৃন্ময় চক্ৰৱৰ্তী, গৌতম মায়ং, হীৰকজ্যোতি নাথ বড়ো, দিগন্ত নাথ, হৰ্ষজিৎ শৰ্মা আৰু শিৱম কৰ্মকাৰ বুলি চিনাক্তকৰণ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ছাত্ৰকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনহাতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল বৰাই কয় যে ‘সমগ্ৰ ঘটনাৰ বাবে গঠন কৰা হৈছে তদন্তকাৰী কমিটি। মহাবিদ্যালয়ৰ ফালৰ পৰা ৫ জনীয়া তদন্তকাৰী কমিটি গঠন কৰা হৈছ। দুদিনৰ ভিতৰত তদন্তকাৰী কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।’