NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত চামগুৰিত পৰস্পৰক আক্ৰমণ হিমন্ত-ৰকিবুলৰ

Posted by: বিদ্যুত জ্যোতি বৰা April 9, 2019 9:46 pm

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত চামগুৰিত আজি একালৰ দুই সতীৰ্থৰ পৃথক নিৰ্বাচনী প্ৰচাৰ সভাই অঞ্চলটোৰ ৰাজনৈতিক বতাহ উতপ্ত কৰি তুলে।

এফালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনফালে তেওঁৰে একালৰ নলে-গলে লগা বন্ধু কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে ইজনে সিজনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয়। কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ৰঙাগৰা আৰু আমবাগানত আজি বিশাল জনসভাৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ অন্তিমটো প্ৰচাৰ চলায়।

ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই ৰকিবুলৰ দুৰ্গত মোক্ষম আঘাত হনাৰ উদ্দেশ্যৰে প্ৰতিকূল বতৰকো নেওচি দিনৰ ২ বজাত হেলিকপ্টাৰেৰে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হৈ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলায়।

কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাক লগত লৈ হিমন্তই একালৰ সতীৰ্থ ৰকিবুলক আক্ৰমণ কৰি কয়, ‘আমাক ৰাজনৈতিক পৰিৱৰ্তন লাগে। অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰিৱৰ্তে চামগুৰিত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হ‌ওঁক। নগাঁৱৰ পৰা এনে এজন নেতা লাগে, যিজনে ৰকিবুল হুছেইনে এক বুলি ক’লে দুই বুলি ক’ব পাৰে। ৰকিবুলৰ চকুলৈ চাই, আঙুলি টোঁৱাই কথা কব পাৰে।’

তেওঁ আৰু কয়, ‘কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ গাত সততা আৰু সাহস আছে। ৰাইজে আশীৰ্বাদ কৰিলে মণিমাধৱে দস্যু দানৱক আঁতৰাই চামগুৰিত এখন ঐক্যৰ সমাজ গঢ়ি তুলিব পাৰিব।’

আনহাতে ৰকিবুল হুছেইনে নিজৰ ভাষণত মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা কৰি কয়, ‘টিকট নোপোৱা নেতাই এতিয়া বৰ বৰ কথা কয়। বিজেপিয়ে টিকট নিদি সেইজনক পাখি কটা আৰম্ভ কৰিছে। বিশ্বাসঘাতক হিমন্ত বিশ্ব‌ই বিজেপিৰ লগতে অগপকো দুবাব। মন্ত্ৰী-বিধায়ক হ’বৰ কাৰণে আমাৰ সমাজখনত সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে’।

আমবাগানত অনুস্থিত সভাত হুছেইনে লগতে কয়, ‘বিজেপি-অগপ‌ৰ ভিতৰি ভিতৰি এ আই য়ু ডি এফৰ লগত আছে মিতিৰালি। ক্ষমতা লাভৰ বাবে এতিয়া বদৰুদ্দিনৰ লগ লাগিছে। নাগৰিকত্ব বিলৰ বিৰোধিতাৰে জোঁৰ সমদল কৰা মণিমাধৱে আজি ৰাজনৈতিক ক্ষমতা লাভৰ স্বাৰ্থত জাতিধ্বংসী বিধেয়কৰ সমৰ্থক বিজেপিৰ সভাপতি অমিত শ্বাহৰ ভৰিত ধৰিছে’।