NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ক’হিমাত অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ কঢ়িওৱা নিষিদ্ধ কৰা হৈছে

January 23, 2018 9:18 am · এন ই নাও নিউজ
Updated: January 23, 2018 11:18 am

ক’হিমাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া ৰাজেশ সুন্দৰাজনে জিলাখনৰ অধীন অঞ্চলসমূহত অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ কঢ়িওৱা নিষিদ্ধ কৰি এক নিৰ্দেশ জাৰি কৰিছে। অপৰাধ বিধি ১৯৭৩ৰ ১৪৪ (ক) ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু শান্তিপূৰ্ণ, মুকলি আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই নিৰ্দেশ জাৰি কৰা হৈছে বুলি জিলা প্ৰশাসনৰ সূত্ৰই সদৰী কৰিছে।

উপায়ুক্তই ক’হিমাৰ সকলো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ থকা লোককে ৩ ফেব্ৰুৱাৰিৰ ভিতৰত ওচৰৰ আৰক্ষী থানাত তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উপায়ুক্তই জাৰি কৰা অন্য এক নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনুজ্ঞাপত্ৰ দাখিল নকৰিলে সংশ্লিষ্ট আইন অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব আৰু নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।

অৱশ্যে এই নিৰ্দেশৰ আওতাৰ পৰা জমা কৰিবলৈ বা আৰক্ষী থানাত সত্যাসত্য পৰীক্ষাৰ বাবে অনা অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰসমূহক ৰেহাই দিয়া হৈছে।

Related News