NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগত বিসংগতিপূৰ্ণ তথ্য দিয়া বিজেপিৰ শিলাদিত্য দেবৰ নাগৰিকত্ব সন্দেহজনক : ভবেন সন্দিকৈ

May 23, 2018 9:42 pm · কল্পজ্যোতি শইকীয়া

যিকোনো চাকৰিৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীৰ নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা কৰা হয়। অলপ খেলি-মেলি হ’লেও পৰীক্ষাৰ্থীক সুযোগ দিয়া নহয়। কিন্তু নিৰ্বাচন আয়োগত দুবাৰকৈ খেলি-মেলি থকা বেলেগ বেলেগ তথ্য দিয়াৰ পিছতো কিয় কৰ্তন কৰা হোৱা নাছিল বিজেপিৰ বিধায়ক শিলাদিত্য দেব ( Shiladitya Deb )ৰ?

শিক্ষাগত অৰ্হতা সন্দৰ্ভত নিৰ্বাচন আয়োগক বিধায়কজনে দাখিল কৰা প্ৰমাণ পত্ৰৰ খেলি-মেলি ফাদিল কৰি আজি ২৩ মে’ত দেশৰ নিৰ্বাচন আয়োগক এই প্ৰশ্ন উত্থাপন কৰিছে আৰ টি আই কৰ্মী ভবেন সন্দিকৈয়ে।

একেটা বছৰ (১৯৮৬ চন)তে একেখন কলেজ ( গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ কলেজ)ৰ পৰাই উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লোৱা বুলি শিলাদিত্যই ২০১১ চনত নিৰ্বাচন আয়োগক শপতনামা দিছিল। কিন্তু একে শিলাদিত্যই ২০১৬ চনত নিৰ্বাচন আয়োগত ১৯৮৯ চনতহে আৰ্য্য বিদ্যাপীঠৰ পৰা স্নাতক ডিগ্ৰী লোৱা বুলি শপতনামা দাখিল কৰিছিল।

আনহাতে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগক শপতনামা দাখিল কৰা বিধায়কজনে কেইদিনমান পূৰ্বে এটা টিভি চেনেলৰ সাক্ষাৎকাৰত তেওঁ অসমৰ সলনি অৰুণাচল আৰু দিল্লীতহে শিক্ষাগ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

শিলাদিত্য দেবে নিৰ্বাচন আয়োগত দাখিল কৰা বিসংগতিপূৰ্ণ তথ্য ফাদিল কৰি স্বৰাজ অসম নামৰ সংস্থাটোৰ আহ্বায়কজনে শিক্ষাগত অৰ্হতাৰ খেলিমেলিৰ দৰে বিধায়কজনৰ নাগৰিকত্বক লৈও সন্দেহ প্ৰকাশ কৰে।

তেওঁ কয় ‘বৰাকৰ বৰখলা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ নাথলৈ দি ভোটাৰৰ জাননী গৈছিল। আমাৰ সন্দেহ হয় শিলাদিত্যও দি ভোটাৰ। সেয়ে তেওঁ হিন্দু বাংলাদেশী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মন্তব্য দি আছে।’

এই সন্দৰ্ভত বিধায়ক দেবৰ মতামত জানিবৰ নৰ্থ ইষ্ট নাৱে যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁক ফ’নত পোৱা নগ’ল।

Related News