NORTHEAST NOW (Assamese)
Uncategorized

নিৰ্বাচন জাপি দিয়াটো গ্ৰহণযোগ্য নহয় : এন এছ চি এন (আই এম)

Posted by: এন ই নাও নিউজ January 23, 2018 10:21 pm

দেশৰ নিৰ্বাচন আয়োগে নাগালেণ্ডত আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ প্ৰায় এসপ্তাহৰ পিছত আজি ৰাজ্যখনৰ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি এন (আই এম)-এ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ৰাজ্যখনত নিৰ্বাচন জাপি দিয়াটো নাগা জনসাধাৰণৰ বাবে কোনোপধ্যে গ্ৰহণযোগ্য কথা নহয়। নাগা লোকসকলে এতিয়া এটা অবিলম্বিত ৰাজনৈতিক মীমাংসাৰ বাবে বাট চাই আছে।

বিদ্ৰোহী গোটটোৰ মতে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰত চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তই এন এছ চি এন আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা আলোচনা প্ৰক্ৰিয়াক দুৰ্বল কৰি তুলিব। আৰু লগতে এটা ৰাজনৈতিক সমাধান লাভ কৰাত বাধাৰ সৃষ্টি কৰিব।

বিদ্ৰোহী গোটটোৱে নিজৰ বক্তব্যত কয় যে যিসকলে নিৰ্বাচন জাপি দিয়াৰ পক্ষত থিয় হৈছে, তেওঁলোকে নাগা জনসাধাৰণৰ স্বাৰ্থৰ পক্ষত থিয় নহয়। ‘আমি তেনে লোক বা দল-গোটক কঠোৰ সমালোচনা কৰো, এওঁলোকে স্থায়ী ৰাজনৈতিক সমাধান নিবিচাৰে।’ গোটটোৱে কয়।

গোটটোৱে লগতে দাবী কৰে যে তেওঁলোকে এই স্থিতি প্ৰকাশ কৰিছে নাগা লোকৰ উমৈহতীয়া জাতীয় স্বাৰ্থত।

তেওঁলোকে ভাৰত আৰু নাগা দুয়োপক্ষৰ সন্মানজনক হোৱাকৈ ৰাজনৈতিক মীমাংসা এটাৰ বাবে আলোচনা চলাই নিয়াৰ বাবে দায়বদ্ধ। নাগাসকলে খুব আন্তৰিকতাৰে ৰাজনৈতিক সমাধানৰ দিশত আগ বাঢ়িছে বুলি কয়। তেওঁলোকে কয় যে প্ৰায় পাঁচ বছৰ ধৰি ৰাজনৈতিক আলোচনা-বিলোচনা চলোৱাৰ পিছত ২০০২ চনত ভাৰত চৰকাৰে চৰকাৰীভাৱে নাগাসকলৰ মৌলিক ইতিহাস আৰু পৰিস্থিতিক স্বীকৃতি দিছিল আৰু যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হৈছিল।