NORTHEAST NOW (Assamese)
অসম

নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাটত কৃষক মুক্তিৰ বিশাল প্ৰতিবাদী সমদল

Posted by: ঋতুপল্লৱ শইকীয়া August 6, 2018 11:30 pm
KMSS protest rally at Golaghat

নীপকোয়ে এৰি দিয়া পানীয়ে সৃষ্টি কৰা বিধ্বংসী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত গোলাঘাটৰ সহস্ৰাধিক লোকক সাহায্য প্ৰদানৰ লগতে প্ৰতিষ্ঠানটোৰ দোষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম তাই ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু আহোম সেনাই সহযোগ কৰা উক্ত ধৰ্ণা কাৰ্যসূচীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে গোলাঘাট নগৰৰ মাজমাজিয়াৰে সমদল কৰি চৰকাৰ বিৰোধী শ্লগান আৰু নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আকাশ-বতাহ কঁপাই তুলে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত কৃষক নেতা অখিল গগৈয়ে জিলা প্ৰশাসনক কঠোৰ সমালোচনা কৰি কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত প্ৰশাসনে দেখুৱা চৰম উদাসীনতাৰ বাবেই এই দুৰ্য্যোগ হ’বলৈ পালে।

তেওঁ অভিযোগ কৰে যে নাগালেণ্ডৰ ওখা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ কথা নীপকোয়ে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাক আগতিয়াকৈ জনাইছিল যদিও তেওঁ এইক্ষেত্ৰত কাৰ্যকৰি পদক্ষেপ গ্ৰহণ নকৰিলে।

ইয়াৰ উপৰি নীপকোয়ে যদি বানপীড়িত লোকক পৰ্যাপ্ত সাহায্য প্ৰদান নকৰে তেন্তে অসমত নীপকোক কাম কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে।

পিছত কৃষক মুক্তিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বানত ক্ষতিগ্ৰস্ত প্ৰত্যেক পৰিয়ালকে ১০ হেজাৰ টকাৰ এক সাময়িক সাহায্য দিয়াকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।