NORTHEAST NOW (Assamese)
অসম

৭ আগষ্টত নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ ২৪ ঘণ্টীয়া চকা বন্ধ

Posted by: এন ই নাও নিউজ August 6, 2018 11:36 pm
All India Road Transport Workers’ Federation

কাইলৈ (৭ আগষ্ট) নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘই (AIRTWF) ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে। সদৌ ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ এই বন্ধই অসমকো সামৰি ল’ব। ফলত অসমতো ইয়াৰ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে।

সংঘৰ এটা সূত্ৰই জনোৱামতে সংশোধিত মটৰগাড়ী বিল প্ৰত্যাহাৰ কৰা আৰু পেট্ৰল আৰু ডিজেলৰ ওপৰত জি এছ টি বলৱৎ কৰাৰ দাবীত এই বন্ধৰ আহ্বান জনোৱা হৈছে।

সংঘৰ কৰ্মীসকলে কয় যে পেট্ৰল আৰু ডিজেলৰ ওপৰত জি এছ টি বলৱৎ কৰিলে কিছুমান সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব পৰা যাব।

আনহাতে তেওঁলোকে কয় যে যদিও ভাৰা এটা স্থিৰ হাৰত ধৰি দিয়া হয়, পেট্ৰল আৰু ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে।

তেওঁলোকে লগতে অভিযোগ কৰে যে পথ পৰিবহণ কৰ্মচাৰীসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

ইফালে তেওঁলোকে পেন্সন, চিকিৎসাগত সহায়-সমৰ্থন, সন্তানৰ শৈক্ষিক দিশত সমৰ্থন আৰু নিৰাপত্তা দাবী কৰে।