NORTHEAST NOW (Assamese)

নীলোৎপল-অভিজিতৰ হত্যাৰ উচিত বিচাৰৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল

June 14, 2018 1:55 pm · পুলেন্দ্ৰ দাস
ডকমকা কাণ্ডৰ প্ৰতিবাদত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ সমদল। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যবাসীক শোকাহত কৰি তোলা নীলোৎপল -অভিজিতৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে ৷ বিদেশৰ লগতে অসমৰ সৰ্বত্ৰ নীলোৎপল-অভিজিতৰ বৰ্বৰোচিত হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আজি বৰপেটাতো নীলোৎপল -অভিজিতৰ হত্যাৰ ন্যায় বিচাৰৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায় ছাত্ৰ ছাত্ৰীসকলে।

উই ৱান্ট জাষ্টিছ, আমাক ন্যায় লাগে, নীলোৎপল-অভিজিতৰ হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন শ্লোগান দি চহৰখনৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নেতৃত্বত ওলোৱা  এই প্ৰতিবাদী সমদলত চহৰখনৰ আন কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও ভাগ লয় ৷

উল্লেখযোগ্য যে যোৱা ৮ জুনৰ নিশা প্ৰায় ৮ বজাত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত গুৱাহাটীৰ পৰা যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয়ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে।

গোটেই অসমতে এই অমানৱীয় হত্যাকাণ্ডৰ প্ৰতিবাদত জনসাধাৰণ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে দোষীসকলক কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে।

Related News