NORTHEAST NOW (Assamese)
অসম

এছ কে বৰুৱাক নুমলীগড় ৰিফাইনেৰীৰ কাৰ্যবাহী সঞ্চালকৰ পদত নিযুক্তি প্ৰদান

Posted by: ৰিতুপল্লৱ শইকীয়া January 31, 2018 9:52 pm
SK Barua

এছ কে বৰুৱাক নুমলীগড় ৰিফাইনেৰীৰ কাৰ্যবাহী সঞ্চালকৰ পদত নিযুক্ত কৰা হৈছে। ৩১ জানুৱাৰিৰ পৰা বৰুৱাই ৰিফাইনেৰীটোৰ নতুন কাৰ্যবাহী সঞ্চালকৰূপে দায়িত্ব পালন কৰিব।

কাৰ্যবাহী সঞ্চালক হিচাপে নিয়োগ হোৱাৰ পূৰ্বে তেওঁ নুমলীগড় ৰিফাইনেৰীৰৰ বিত্ত সঞ্চালকৰ দায়িত্ব পালন কৰি আহিছিল। উল্লেখযোগ্য যে তেওঁৰ ভাৰতীয় তেল আৰু গেছ খণ্ডত ৩৩ বছৰ জোৰা অভিজ্ঞতা আছে।

তেওঁ ১৯৯৩ চনত ৰিফাইনেৰীটো প্ৰতিষ্ঠা বৰ্ষতে প্ৰথমজন স্থায়ী কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল। প্ৰতিষ্ঠানটোত আৰম্ভণীৰে পৰা থকা বৰুৱাই যোৱা ২৪ টা বছৰত নুমলীগড় ৰিফাইনেৰীক এটা আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা প্ৰচুৰ বৰঙণি আগবঢ়াইছে।

ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা বৰুৱাই ডিব্ৰুগড়ৰ পৰাই তেওঁৰ স্কুলীয়া তথা কলেজীয়া শিক্ষা গ্ৰহণ কৰি দিল্লীত কষ্ট একাউণ্টেচি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে।