NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ January 31, 2018 8:51 pm
modipm

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

আজি আগৰতলাত ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লৱ কুমাৰ দেবে সাংবাদিকক জনায়, ‘১৮ ফেব্ৰুৱাৰিত হ’ব লগা নিৰ্বাচনৰ পূৰ্বে জন সভাক সম্বোধন কৰি প্ৰচাৰ চলাবলৈ দুবাৰ ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।’

নেতাজনে জনোৱা মতে ৮ ফেব্ৰুৱাৰিত মোদীয়ে উনাকতি জিলাৰ কৈলাশ চহৰ আৰু দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তি বজাৰত জনসভাত অংশ লোৱাৰ বিপৰীতে ১৫ ফেব্ৰুৱাৰিত তেওঁ আগৰতলাত এক জনসভাত ভাষণ দিব।

ত্ৰিপুৰা বিজেপিৰ নেতাজনে লগতে জনায় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যখনত এসপ্তাহ ধৰি নিৰ্বাচনী প্ৰচাৰ চলাব।

গৃ্হ মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ, উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী য়োগী আদিত্যনাথ আৰু দলৰ মুখপাত্ৰ মুক্তাৰ আব্বাচ নকবিকে ধৰি বিজেপিৰ ৪০ গৰাকী শীৰ্ষ নেতায়ো ৰাজ্যখনত প্ৰচাৰ চলাব।