NORTHEAST NOW (Assamese)

‘নৃতত্ববিদৰ মতে চুতীয়াসকল উচ্চ গুণসম্পন্ন মানুহ’ : ঘোষণা অসমৰ মুখ্য মন্ত্ৰীৰ

January 30, 2018 11:15 pm · এন ই নাও নিউজ
সদৌ চুতীয়া ছাত্ৰ সন্থাৰ অধিৱেশনত মুখ্য মন্ত্ৰী

‘নৃতত্ববিদসকলৰ মতে চুতীয়াসকল উচ্চ গুণসম্পন্ন মানুহ’। গোলাঘাটৰ আঠখেলীয়াত সদৌ চুতীয়া ছাত্ৰ সংস্থাৰ ৫ম দ্বিবাৰ্ষিক অধিৱেশনত এই মত আগবঢ়াই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰপৰা এন ই নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতি অনুসৰি ‘বহু গুণ আৰু মূল্যবোধ চুতীয়া সম্প্ৰদায়ৰ লোকসকলৰ সহজাতভাৱেই আছে’ বুলিও সভাখনত সোণোৱালে মত প্ৰকাশ কৰে।

তেওঁ লগতে কয় বৃ্হত্তৰ অসমীয়া সমাজ গঠনত এই সম্প্ৰদায়ৰ লোকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁ ‘সকলো দিশতে অসমক শক্তিশালী কৰাৰ বাবে তেওঁলোকক পুনৰ উচৰ্গা কৰাৰ বাবে চুতীয়া সম্প্ৰদায়ৰ লোকসকল আগবাঢ়ি আহিবই লাগিব’ বুলিও মন্তব্য কৰে।

মুখ্য মন্ত্ৰীয়ে জনগোষ্ঠীটোৰ লোকসকলৰ সামাজিক-অৰ্থনৈতিক উন্নয়নৰ লগতে শৈক্ষিক বিকাশৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ সদৌ চুতীয়া ছাত্ৰ সংস্থাক আহ্বান জনাই।

তেওঁ গুৱাহাটীত ছাত্ৰ সংগঠনটোৱে নিৰ্মাণ কৰিবলৈ লোৱা ছাত্ৰাৱাসৰ বাবে আৰ্থিক অনুদান অগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

সভাখনত মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আদিও উপস্থিত আছিল।

Related News