NORTHEAST NOW (Assamese)
নাগালেণ্ড

নেইফিঅ’ ৰিঅ’ ত্ৰয়োদশ নাগালেণ্ড বিধানসভালৈ জয়ী হোৱা প্ৰথমজন বিধায়ক

Posted by: এন ই নাও নিউজ February 12, 2018 11:02 pm
Neiphiu-Rio-570x320

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভালৈ সবাতোকৈ আগতেই নিৰ্বাচিত হৈছে নৱগঠিত এন ডি পি পিৰ মুখ্য মন্ত্ৰিত্বৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ।

আজি সোমবাৰে তেওঁৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ প্ৰাৰ্থী এন পি এফৰ চুফৌ আংগামীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰিঅ’ জয়ী হয়। ৰিঅ’ই উত্তৰ আংগামী-২ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়াইছিল।

সমষ্টিটোৰ পৰা ৰিঅ’কে ধৰি মুঠ তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিল। আনজন আছিল এন ডি পি পি (এছ)ৰ নেইফ্ৰেজো কেডিটছু। আন দুজনে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত ৰিঅ’ নিৰ্বাচিত হোৱাটো নিশ্চিত হয়।

ইয়াৰ ফলত এন ডি পি পি-বিজেপিৰ হিচাপত এজন বিধায়ক অন্তৰ্ভুক্ত হ’ল।

উল্লেখযোগ্য যে এইদৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ উদাহৰণ ৰিঅ’ৰ ক্ষেত্ৰত এইটো দ্বিতীয়। তেওঁ ইয়াৰ আগেয়ে ১৯৯৮ চনত কংগ্ৰেছৰ পৰাও এইদৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল।

‘আজি এন পি এফৰ প্ৰাৰ্থীজনে মনোনয়ন প্ৰত্যাহাৰ কৰাত বাকী থকা এন ডি পি পিৰ একমাত্ৰ প্ৰাৰ্থীজনক বিজয়ী ঘোষণা কৰা হৈছে।’ এইদৰে কয় নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই।

আনহাতে এন পি  এফ দলৰ মুখপাত্ৰ ছেবাষ্টিয়ান জুমভুৱে কয় যে দলটো প্ৰাৰ্থীজনৰ এই সিদ্ধান্তত অতি আচৰিত হৈছে।