NORTHEAST NOW (Assamese)

‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

May 20, 2018 12:43 pm · কল্পজ্যোতি শইকীয়া

কাৰ্যতঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যেই আজি গুৱাহাটীত অনুষ্ঠিত ‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

আজি পুৱা লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক আদৰণি জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  তাৰ পৰা তেওঁক পোনে পোনে কলাক্ষেত্ৰৰ কাৰ্যসূচীলৈ লৈ যোৱা হয়।

সমাগত লোকসভা নিৰ্বাচনত বিজেপিয়ে যাতে উত্তৰ- পূবৰ ২৫ খন আসনৰ ভিতৰত ২১ খন আসন দখল কৰিব পাৰে সেই সন্দৰ্ভত ‘নেডা’ৰ বৈঠকত আলোচনা কৰা হ’ব বুলি প্ৰকাশ কৰে বিজেপিৰ এটা শীৰ্ষ সূত্ৰই।

উল্লেখযোগ্য যে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙক বাদ দি উত্তৰ- পূবৰ  বিজেপিশাসিত ৰাজ্য ক্ৰমে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু, নাগালেণ্ডৰ নেইফিঅ’ ৰিঅ’, মেঘালয়ৰ কনৰাড চাংমা, ত্ৰিপুৰাৰ বিপ্লৱ দে’, মণিপুৰৰ এন বীৰেণ সিং উপস্থিত হৈছেহি।

অসম প্ৰদেশ বিজেপিৰ প্ৰায় ১২০ গৰাকী মন্ত্ৰী- বিধায়ক এই বৈঠকত উপস্থিত হৈছে। আনহাতে বিজেপিৰ উত্তৰ- পূবৰ দায়িত্বত থকা ৰাম মাধৱ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামলাল, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজু, অজয় জামৱাল, অগপৰ সভাপতি অতুল বৰা, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, বিপিএফৰ হাগ্ৰামা মহিলাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম উপস্থিত আছে। তদুপৰি ৰাজেন গোহাঁইকে ধৰি সাংসদ সকল উপস্থিত আছে সভাখনত।

Related News