NORTHEAST NOW (Assamese)

নেপালৰ চিমেণ্ট উদ্যোগত চীনা প্ৰতিষ্ঠানৰ বৃহৎ বিনিয়োগ

December 26, 2017 4:19 pm · এন ই নাও নিউজ
Updated: December 26, 2017 4:42 pm

অনলাইন খবৰৰ  প্ৰতিবেদন অনুসৰি নেপালৰ চিমেণ্ট উদ্যোগত ১৪ বিলিয়ন টকা ( প্ৰায় ১৪০ মিলিয়ন ডলাৰ) বিনিয়োগৰ বাবে নেপালৰ বিনিয়োগ ব’ৰ্ডে এটা চীনা কোম্পানীৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তুতি চলাইছে। চৰকাৰী সংস্থাটোৱে চীনা কোম্পানী হোৱাক্সিনৰ সৈতে এই প্ৰকল্প বিনিয়োগ চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তুতি কৰিছে। প্ৰতিবেদনখন অনুসৰি পূৰ্বে ধাদিং জিলাৰ পানীখাৰকাত চিমেণ্ট প্ৰকল্পৰ কেঁচা সামগ্ৰী ক্লিংকাৰ আহৰণৰ বাবে খনি আৰু ভূতত্ত্ব বিভাগে কোম্পানীটোক দায়িত্ব দিছিল। যোৱা কিছু মাহ ধৰি চীনা বিনিয়োগ প্ৰতিষ্ঠানটোৱে যাৱতীয় অনুমতিৰ বাবে চেষ্টা কৰি আছিল বুলি সূত্ৰটোৱে কয়। ব’ৰ্ডৰ মুখপাত্ৰ উত্তম ভক্ত ৱাগলে কয় যে যিমান পাৰি সোনকালে চুক্তিখন স্বাক্ষৰ কৰাৰ বাবে তেওঁলোকে আলোচনা চলাই আছে। কোম্পানীটোৱে জনোৱা অনুসৰি তেওঁলোকে নাৰায়নী অঞ্চলৰ এখন জিলাত ইয়াৰ কাৰখানা প্ৰতিষ্ঠা কৰিব। কোম্পানীটোৱে প্ৰতি দিনে ৩ হাজাৰ টন চিমেণ্ট উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰকল্পটোত প্ৰত্যক্ষভাৱে  প্ৰায় ৩৫০ জন লোকে নিযুক্তি পোৱাৰ লগতে ১০০০ জন লোক পৰোক্ষভাৱে উপকৃত হ’ব।

জানিব পৰা মতে প্ৰায় ২ বছৰ পূৰ্বে কোম্পানীটোৰ বিনিয়োগ প্ৰস্তাৱটো অনুমোদন জনোৱা হৈছিল। তথাপি, অনলাইন খবৰৰ প্ৰতিবেদন অনুসৰি, নেপালী পক্ষটোৱে ক্লিংকাৰ আহৰণৰ স্থান নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবে প্ৰক্ৰিয়াটো স্থগিত হৈ আছিল। কিন্তু এতিয়া চৰকাৰে সিদ্ধান্ত  লোৱাই নহয় কোম্পানীটোক ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে। প্ৰকল্পটো প্ৰতিষ্ঠাৰ বাবে ৩২ হেক্টৰ মাটিৰ প্ৰয়োজন। নিজাকৈ আহৰণৰ পৰ্য্যাপ্ত সামৰ্থ্য নথকা বাবে নেপালৰ চিমেণ্ট উদ্যোগ সমূহে বৰ্তমান ভাৰতৰ পৰা ক্লিংকাৰ আমদানি কৰে। একে সময়তে চীনা বিনিয়োগেৰে প্ৰতিষ্ঠাপিত কোম্পানী হংচি শিৱম চিমেণ্টে সোনকালেই উৎপাদন আৰম্ভ কৰিব। কোম্পানীটোৱে জনোৱা অনুসৰি ইও নিজাববীয়াকৈ ক্লিংকাৰ উৎপাদন কৰিব।

Related News