NORTHEAST NOW (Assamese)

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে

December 30, 2017 9:58 pm · এন ই নাও নিউজ
নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত মনজিভ সিং পুৰী

নেপালত থকা ভাৰতীয় ৰাষ্টদূত মনজিভ সিং পুৰীয়ে শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰে। কাঠমাণ্ডূ প’ষ্ট কাকতত এই খৱৰ প্ৰকাশ পাইছে। সূত্ৰৰ উদ্ধৃতি দি কাকতখনে প্ৰকাশ কৰিছে যে নোপালৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে বৈঠকত নেপালৰ সাম্প্ৰতিক ৰাজনীতিৰ বিষয়ে আলোচনা কৰে।

ভাৰতীয় ৰাষ্ট্ৰদূত পুৰী যোৱা সপ্তাহত ভাৰতৰ পৰা উভতি আহিছিল। প্ৰধানমন্ত্ৰী দেউবাৰ সচিবালয়ৰ বিষয়াই জনাইছে যে পুৰীয়ে দিল্লীৰ পৰা উভতি অহাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীৰ সাক্ষাৎ পাবলৈ বিচাৰি আছিল। অৱশ্যে শুকুৰবাৰে বৈঠকৰ ব্যৱস্থা কৰা হয়।

পুৰী ভাৰত আহি পোৱাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২১ ডিচেম্বৰত নেপালৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰ মুৰব্বীসকলৰ সৈতে কথা পাতিছিল। মোডীয়ে টেলিফোনযোগে নেপালে সফলতাৰে ৰাষ্ট্ৰখনৰ লগতে প্ৰাদেশিক নিৰ্বাচন অনুষ্ঠিত কৰা তথা  ফলাফল ঘোষণা কৰাৰ বাবে নেতাসকলক অভিনন্দন জনাইছিল।

নেপালত এখন নতুন চৰকাৰ গঠনৰ বাবে কুজ-কাৱাজ চলি থকাৰ সময়তে পুৰীয়ে নেপালী কংগ্ৰেছৰ সভাপতি তথা প্ৰধানমন্ত্ৰী দেউবাক সাক্ষাৎ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰীৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা ড০ দীনেশ ভট্টৰায়ে অৱশ্যে কয় যে তেওঁ এই বৈঠক সম্পৰ্কে জ্ঞাত নহয়। একেদৰে ভাৰতীয় দূতাবাসৰ মুখপাত্ৰ ৰুবী যশপ্ৰীতেও দাবী কৰে যে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তেহে বৈঠকৰ বিষয়ে জানিব পাৰিছে।

Related News