NORTHEAST NOW (Assamese)

নেমকেয়াৰ হস্পিতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাৰ বিৰুদ্ধে চি বি আইৰ গোচৰ

May 28, 2018 12:42 pm · এন ই নাও নিউজ
Updated: May 28, 2018 4:34 pm

বাৰ্ন কেয়াৰ আঁচনিৰ নামত আৱণ্টিত ধনৰ ব্যাপক অপব্যৱহাৰ- জালিয়াতিৰ অভিযোগত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পিতালৰ  স্বত্বাধিকাৰী তথা নৰ্থ ইষ্টাৰ্ন কাউন্সিলৰ প্ৰাক্তন স্বাস্থ্য উপদেষ্টা ডাঃ হিতেশ বৰুৱাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে চিবিআইয়ে।

চিবিআইৰ অভিযোগনামাত উল্লেখ কৰা অনুসৰি নৰ্থ ইষ্টাৰ্ন কাউন্সিল চমুকৈ এনইচিৰ সেই সময়ৰ তদানীন্তন স্বাস্থ্য উপদেষ্টা ড০ এনজে শৰ্মাই ডাঃ হিতেশ বৰুৱাৰ সৈতে লগ লাগি বাৰ্ন কেয়াৰ য়ুনিটৰ নামত এনইচিৰ পুঁজিৰ ব্যাপক অপব্যৱহাৰেৰে নিম্নমানৰ সঁজুলি ক্ৰয় কৰিছিল। আনহাতে উক্ত সঁজুলি সমূহ বাৰ্ন কেয়াৰ য়ুনিটত ব্যৱহাৰৰ বিপৰীতে নেমকেয়াৰ হস্পিতালৰ ৰোগীৰ বাবেহে ব্যৱহাৰ কৰিছিল বৰুৱাই। আনহাতে দুয়োগৰাকী চিকিৎসকে প্ৰস্তাৱিত ১২ খন বিছনাযুক্ত বাৰ্ন কেয়াৰ য়ুনিট স্থাপনৰ নামত প্ৰৱঞ্চনা কৰিছিল নৰ্থ ইষ্টাৰ্ন কাউন্সিলক।

ড০ হিতেশ বৰুৱা

উল্লেখযোগ্য যে চিবিআইয়ে দাখিল কৰা অভিযোগ অনুসৰি হিতেশ বৰুৱাই  সেই সময়ত এটা বাৰ্ন কেয়াৰ ইউনিট স্থাপনৰ বাবে ১০ কোটি টকাৰ প্ৰকল্প প্ৰস্তাৱ আগবঢ়াইছিল নৰ্থ ইষ্টাৰ্ন কাউন্সিলক।

প্ৰাথমিকভাৱে সেই সময়ত নৰ্থ ইষ্টাৰ্ন কাউন্সিলে ২.৭০ কোটি টকা মুকলি কৰি দিছিল যদিও উক্ত ধনৰাশি ব্যৱহাৰত জালিয়াতি কৰিছিল চিকিৎসক দুয়োগৰাকীয়ে।

এনে ধৰণে নিম্নমানৰ সঁজুলি ক্ৰয় কৰি বাৰ্ন কেয়াৰ য়ুনিট স্থাপনৰ পৰিৱৰ্তে নেমকেয়াৰ হস্পিতালত ব্যৱহাৰ কৰাৰ বাবে চিবিআইয়ে ভৰতীয় দণ্ডবিধিৰ ১২০(বি)/ ৪২০/ ১৩(২) ধাৰাত দুয়োগৰাকী চিকিৎকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে।

Related News