নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট সহ প্ৰশ্নকাকত ফাদিলৰ গোচৰসমূহৰ শুনানি গ্ৰহণৰ বাবে গঠন কৰা বিশেষ ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক অনু গ্ৰ’ভাৰ বালিগাক বদলি কৰা হৈছে। দিল্লী উচ্চ ন্যায়ালয়ে বালিগাৰ লগতে আন ১৩৭ গৰাকী বিচাৰকক স্থানান্তৰ কৰি শনিবাৰে এক নতুন অধিসূচনা জাৰি কৰে।
উল্লেখ্য যে, যোৱা ২৫ জুলাইত বিশেষ ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰা বিচাৰক বালিগাই মাত্ৰ এসপ্তাহ সময়হে এই পদত কাৰ্যনিৰ্বাহ কৰিলে। তেওঁৰ স্থানত এতিয়া নিট গোচৰৰ প্ৰথম অৱস্থাত শুনানি গ্ৰহণ কৰা বিশেষ বিচাৰক অজয় গুপ্তাক নিযুক্তি দিয়া হৈছে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিচাৰক বালিগাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আইনৰ অধীনত সন্ত্ৰাসবাদী গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ বিশেষ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে। বালিগাৰ উপৰিও বিকাশ ধুল, প্ৰশান্ত শৰ্মা, পুলস্ত্য প্ৰমাচলা, কিৰণ বাঁহাল আৰু অমিত বাঁহালকো সন্ত্ৰাসবাদ বিৰোধী এন আই এ বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিল গোচৰসমূহৰ দ্ৰুত বিচাৰ নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক ন্যায়ালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছত যোৱা ২৩ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে এই বিশেষ ন্যায়ালয় গঠনৰ অধিসূচনা জাৰি কৰিছিল।
যোৱা ২৭ জুলাইত বিচাৰক বালিগাৰ বিচাৰপীঠত নিট প্ৰশ্নকাকত ফাদিল গোচৰৰ প্ৰথমখন শুনানি অনুষ্ঠিত হয়। অভিযুক্তৰ অধিবক্তাৰ অনুৰোধ ক্ৰমে বিচাৰপীঠে চিবিআইৰ অভিযোগনামা আৰু অভিযুক্ত দুই ব্যক্তিক জামিন প্ৰদানৰ আৱেদন বিবেচনাৰ বাবে সোমবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছিল। চিবিআইয়ে এই গোচৰত ১৩ জন ব্যক্তিক অভিযুক্ত হিচাপে চিহ্নিত কৰি সম্প্ৰতি ন্যায়িক জিম্মাত ৰাখিছে।
মন কৰিবলগীয়া যে, ৩ মে’ত অনুষ্ঠিত হোৱা নিট-ইউজি পৰীক্ষাত ব্যাপক অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পাছত যোৱা ১২ মে’ত নেচনেল টেষ্টিং এজেন্সীয়ে এই পৰীক্ষা বাতিল কৰিছিল। তাৰ পাছত যোৱা ২১ জুনত পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হয়।