NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ সংবাদ কৰ্মী সকলকো স্বাস্থ্য বীমাৰ অধীনলৈ আনিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া April 7, 2020 10:38 pm
Ripun Borah

ক’ৰ’না ভাইৰাছৰ মহা সংকটৰ সময়ত ৰাজ্যৰ আৰক্ষী, চিকিৎসকে ধৰি স্বাস্থ্য কৰ্মী তথা কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ স্বাস্থ্য বীমা আগবঢ়োৱাৰ সিদ্ধান্তক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ শলাগ লোৱাৰ সমান্তৰালভাৱে এই আঁচনিৰ অধীনলৈ ৰাজ্যৰ সাংবাদিক সকলকো অনাৰ বাবে আহ্বান জনায়।

“সংবাদ মাধ্যমৰ সৈতে জড়িত লোক সকলো যিহেতু কোভিদ-১৯ বিৰোধী এই অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, গতিকে তেওঁলোককো ৫০ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনলৈ আনিবলৈ চৰকাৰক আহ্বান জনাইছো,” বৰাই ফেইচবুকত এইদৰে লিখে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো কোভিদ-১৯-ৰ বিৰুদ্ধে প্ৰথম শাৰীত থাকি যুদ্ধ অব্যাহত ৰখা দেশৰ চিকিৎসক তথা নাৰ্চ সকলোকে ধৰি সকলো স্বাস্থ্য কৰ্মীলৈ স্বাস্থ্য বীমাৰ কথা ঘোষণা কৰিছিল।

আনহাতে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চিকিৎসক, নাৰ্চৰ আদিৰ লগতে ১০৮ সেৱাত জড়িত হৈ থকা কৰ্মী, আশা কৰ্মী সকলৰ বাবেও বিশেষ সাহায্যৰ কথা ঘোষণা কৰিছে।