NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰোডৰ আল আমিন নগৰত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত ৫জনক আটক

Posted by: এন ই নাও নিউজ January 24, 2018 8:14 am

ভাৰাঘৰৰ মালিকৰ দুৰ্বলতাৰ সুযোগ লৈ বহু দিনৰ পৰাই ভাৰাতীয়াসকলে দেহ ব্যৱসায়ৰ দৰে অসামাজিক কাম-কাজ চলাই থকাত বৰপেটাৰোডৰ আল আমিন নগৰৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ নিজেই ব্যৱস্থা ল’বলৈ আগ বাঢ়ি আহে। কালি সন্ধিয়াৰ ভাগত অঞ্চলটোৰ ৰাইজে মুক্তাৰ আলী দেৱান নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত অতৰ্কিতে অভিযান চলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে মুক্তাৰ আলীৰ ভাৰাঘৰত থাকি ভাৰাতীয়াসকলে দেহ ব্যৱসায় চলাই আহিছে বহু দিনৰ পৰাই। স্থানীয় ৰাইজে অভিযোগ দিয়া সত্ত্বেও মালিক মুক্তাৰ আলীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত অতিষ্ঠ ৰাইজে নিজে ভাৰাঘৰত প্ৰৱেশ কৰি গৰৈমাৰিৰ সমৰেশ আলী, কহিনুৰ খাতুন আৰু আনোৱাৰা খাতুনক আটক কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হয় আৰু তিনিওজনকে আৰু লগতে মালিক মুক্তাৰ আলী আৰু তেওঁৰ পত্নী ৰেজিয়া খাতুনকো থানালৈ আনে। ক্ষুভিত ৰাইজে মুক্তাৰ আলীৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আনে আৰু তেওঁ অঞ্চলটোৰ পৰিৱেশ নষ্ট হোৱাত অৰিহণা যোগোৱা বুলি অভিযোগ কৰে। স্থানীয় ৰাইজ আৰক্ষী থানালৈ গৈ দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।

আনহাতে সূত্ৰটোৱে জনোৱা মতে, আল আমিন নগৰত অসামাজিক কাম-কাজে গা কৰি উঠা বুলি অভিযোগৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এখন সমিতিও গঠন কৰি দিছিল। তাৰ পিছতো অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে স্থানীয় কিছু সংখ্যক লোকে চেষ্টা কৰি থকাত ৰাইজ জাঙুৰ খাই উঠিছে।