NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰত খান্দি থাকোতেই খহি পৰিল ৰে’লৰ সুৰংগ, দুজন শ্ৰমিক নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 4:51 pm
BS6-Royal-Enfield-Bullet

গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰত আজি বিয়লি সংগটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

চন্দ্ৰপুৰত উত্তৰ পূব ৰে’লৱেৰ এটা কালভাৰ্ট নিৰ্মাণৰ বাবে  সুৰংগ খান্দি থকাৰ সময়তে আজি হঠাতে ওপৰৰ পৰা মাটি খহি পৰে।

ফলত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু ৰে’ল বিভাগৰ লোকৰ তৎপৰতাত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰা পাঁচ জন শ্ৰমিক উদ্ধাৰ কৰা হয়।

মাটি খহি পৰা সুৰংগটোৰ ভিতৰত আৰু বহু কেইজন শ্ৰমিক আৱদ্ধ হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

বাতৰি যুগুত কৰা পৰলৈকে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিয়ান চলি আছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি ৰে’ল বিভাগৰ কোনো কাৰিকৰী বিষয়ত পাৰ্গত লোকৰ অনুপস্থিতে শ্ৰমিকসকলে সুৰংগটো খান্দি গৈছিল।

পাহাৰীয়া মাটিত সুৰংগ খান্দোতে ল’বলগীয়া সাৱধানতা খিনি অৱলম্বন কৰা হোৱা নাছিল বুলিও বহুতে অভিযোগ কৰিছে।

এই ঘটনাত এতিয়ালৈকে দুজন শ্ৰমিকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

ঘটনাটোত আহত শ্ৰমিকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ৰে’লৰ নিৰ্মীয়মাণ সুৰংগ খহি পৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত শ্ৰমিক এজনৰ নাম চাইফুল ইছলাম বুলি জানিব পৰা গৈছে।