NORTHEAST NOW (Assamese)
অসম

কৰ’নাতংকৰ মাজতে লেখাপানীত বোমাতংক; ১০ ঘন্টা ধৰি শ্বাসৰুদ্ধকৰ পৰিস্থিতি

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 9, 2020 7:55 pm
Screenshot_20200709_192014

কৰ’নাতংকৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত  বোমাতংকই আজি প্ৰায় ১০ ঘন্টা ধৰি এক শ্বাসসৰুদ্ধকৰ পৰিবেশৰ সৃষ্টি কৰে।

লেখাপানী থানাৰ অন্তৰ্গত আছাম ৰাইফলচৰ ২৫ছেক্টৰ সেনা  চাউনীৰ পৰা মাত্ৰ ১০০ মিটাৰ দুৰত্বত অৱস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন পকী  দলংৰ ৰেলিঙত এটা পলিথিনত বেগত ওলমাই থোৱা অৱস্থাত শক্তিশালী আই ই ডি টো উদ্ধাৰ হয়।

নিশা তহলদাৰী দলে উক্ত বোমাটো প্ৰত্যক্ষ কৰাৰ পাছতে দুয়োফালৰ পৰা অহা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপত ব্যাহত কৰে ।

দুপৰীয়া ১২ বজাত সেনাৰ দিনজানৰ পৰা অহা বোমা বিশেষজ্ঞই বোমাটো উদ্ধাৰ কৰি টিৰাপ নদীৰ পাৰলৈ নি বিস্ফোৰণ ঘটায়।

কোনে তাত কি উদ্দেশ্যত বোমাটো সংস্থাপিত কৰিছিল জানিব পৰা হোৱা নাই।

ইপিনে, সেনা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাই বৰ্তামানেও অঞ্চলটোত চেপা উত্তেজনাৰ বিৰাজ কৰি ৰাখিছে।