NORTHEAST NOW (Assamese)

ন্যায়িক জিম্মালৈ সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জী

March 23, 2018 7:14 pm · এন ই নাও নিউজ
Updated: March 23, 2018 7:18 pm

শুকুৰবাৰে এখন বিশেষ আদালতে ২,০০০ কোটি টকাৰ সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেন আৰু দেবযানী  মুখাৰ্জী দুয়োজনকে ১৪ দিনৰ ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে জেৰা কৰাৰ বাবে দুয়োকে কলকাতাৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হৈছে। এপ্ৰিলৰ ৬ তাৰিখৰ পৰৱৰ্তী শুনানিৰ দিনলৈকে সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ’ব।

ৰাজ্যৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ২০১৪ চনত সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীৰ বিপক্ষে দাখিল কৰা অভিযোগৰ ভিত্তিত দুয়োকে আদালতত হাজিৰ কৰোৱা হয়। সেনৰ বিৰুদ্ধে ২০১৩ চনত কাশ্মীৰৰ সোণমাৰ্গত, পশ্চিম বংগ, উৰিষ্যা আৰু অন্যন্য বহু কেইখন ৰাজ্যত অভিযোগ দিয়া আছে।

 

পাণবজাৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনাইছে যে আদালতত হাজিৰ কৰোৱাৰ আগতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।

উল্লেখ্য যে ২০১৫ চনত সাৰদাৰ সভাপতি আৰু পৰিচালন সঞ্চালক সুদীপ্ত সেনক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছিল।

Related News