NORTHEAST NOW (Assamese)

নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ অনুশীলন : নগাঁৱৰ বৰজহাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

July 24, 2018 8:43 am · এন ই নাও নিউজ

নগাঁও জিলাৰ বৰজহাত যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ সামৰণি পৰিছে। ২ নং বৰজহা সমন্বয় সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ সামৰণি উপলক্ষে দেওবাৰে এখনি মুকলি সভাও অনুষ্ঠিত হয়।

সমাজকৰ্মী ভোগেশ্বৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই মুকলি সভাত শ্ৰী শ্ৰী বটদ্ৰবা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ অনুশীলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে।

ইপিনে, সাংবাদিক জ্যোতিপ্ৰসাদ বৰায়ো অসমীয়া সংস্কৃতিৰ উত্তৰণ, সংকট আৰু প্ৰসাৰৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। যতীন কাকতি, কুশ কাকতি, বেনুদত্ত বৰুৱা, যোগেন বৰুৱা, লক্ষণ খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকীও সন্মানীয় ব্যক্তি উপস্থিত থকা এই সভাখনতে কৰ্মশালাত অংশগ্ৰহণ কৰা অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে সত্ৰীয়া শৈলীৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এই কৰ্মশালাখনিত মাজুলীৰ মুহিধৰ বৰা মুখ্য প্ৰশিক্ষকৰূপে উপস্থিত থকাৰ বিপৰীতে বিশ্বজিৎ মজুমদাৰ, গৌতম বৰা, পল্লৱী খাটনিয়াৰ ভৰালী, কুকি খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছিল ।

Related News