NORTHEAST NOW (Assamese)
অসম

নৱৰাত্ৰি উপলক্ষে কামাখ্যা মন্দিৰত সাময়িকভাৱে ৰদ কৰা হ’ল পৰ্যটক আৰু ভি আই পিৰ বিশেষ ব্যৱস্থা

Posted by: এন ই নাও নিউজ March 19, 2018 6:09 pm
kamakhya-temple-

সমাগত নৱৰাত্ৰি  উপলক্ষে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে নতুন সময়সূচী ঘোষণা কৰিছে কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই।

সেই সময়সূচী অনুসৰি অহা ২৪ মাৰ্চৰ সপ্তমী তিথিত পুৱা ৯-৩০ বজাত  মন্দিৰৰ দুৱাৰ খোলা কৰা হ’ব আৰু আৰু আবেলি ৪-৩০ বজাত বন্ধ কৰা হ’ব।

২৫ মাৰ্চ অষ্টমী তিথিত দিনৰ ১১ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু আবেলি ৪-৩০ বজাত বন্ধ কৰা হ’ব।

নৱৰাত্ৰিৰ সময়চোৱাত যাত্ৰীৰ সাম্ভাব্য ভীৰৰ প্ৰতি লক্ষ্য ৰাখি  ভি আই পি আৰু পৰ্যটকসকলৰ প্ৰৱেশৰ বাবে ৰখা সকলো বিশেষ ব্যৱস্থা সাময়িকভাৱে ৰদ কৰা হৈছে বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

উল্লেখ্য যে গুৱাহাটীৰ নীলাচল পাহৰত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ  প্ৰাচীন।