NORTHEAST NOW (Assamese)
অসম

নৱ প্ৰজন্মক মুক্ত মনেৰে অধ্যয়নৰ আহ্বান বাণিজ্য শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ৰৌনক লোহিয়াৰ

Posted by: মিণ্টু May 31, 2018 7:55 pm
HS Commerce 1st Rounak Lohia

”ফেচবুক, হোৱাটছএপপ আদি চ’ছিয়েল মিডিয়া সঠিক ভাৱে ব্যৱহাৰ কৰিলে সমাজৰ মংগল হ’ব। সেয়ে ইয়াৰ ব্যৱহাৰ সীমিত হোৱা উচিত।” আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰা নগাঁৱৰ গীতাঞ্জলী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ৰৌনক লোহিয়াই এইদৰে মন্তব্য কৰি নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক মুক্ত মনেৰে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনায়।

নগাঁও চহৰৰ হয়বৰগাঁৱৰ ব্যৱসায়ী সুৰেশ লোহিয়া আৰু সোনিলা লোহিয়াৰ পুত্ৰ ৰৌনকৰৰ এই সাফল্যই সমগ্ৰ নগাঁও জিলাৰ লগতে শিক্ষানুষ্ঠানখনত আনন্দৰ জোৱাৰ উঠিছে।

শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে নৃত্য, গীত পৰিৱেশন কৰি আনন্দ উল্লাস প্ৰকাশ কৰে। ৰৌনকে ইংৰাজীত ৯১, ঐচ্ছিক ইংৰাজীত ৯৩, হিচাব বিদ্যাত ৯৭, ব্যৱসায়িক অধ্যয়নত ৯৪, বাণিজ্যিক আৰু পৰিসংখ্যাত ৯৯, বেংকিঙত ৮৪ নম্বৰসহ মুঠ ৪৭৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ৰৌনকে সাংবাদিকক জানিবলৈ দি কয়, ‘বেছি সময় অধ্যয়ন কৰা নাছিলো যদিও পৰীক্ষাৰ আগত বেছিকৈ অধ্যয়ন কৰিছিলো। ফেচবুক ব্যৱহাৰ কৰিছিলো যদিও পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰা নাছিলো’।

তেওঁ আজৰি সময়ত উপন্যাস, বাতৰি কাকত আদি পঢ়াৰ লগতে টিভি চোৱা আৰু ক্ৰিকেট খেলাৰ কথাও উল্লেখ কৰে। ইফালে ছাত্ৰ-ছাত্ৰী সকলক নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ আহ্বান জনায়। সদ্যহতে কলকতাৰ ছেন্ট কলেজত অধ্যয়ন কৰি ভৱিষ্যতে চাৰ্টাড একাউন্টেণ্ট (চি এ) হোৱাৰ মন ৰৌনকৰ।