NORTHEAST NOW (Assamese)
অসম

বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন সৰভোগৰ এজন লোক

Posted by: এন ই নাও নিউজ May 3, 2018 8:11 am
sorbhog

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত কেতেকীবাৰী গাঁৱৰ জন্মিজয় দাস নামৰ ৫২ বছৰীয়া  লোক এজন বুধবাৰে বেঁকী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে।

জানিব পৰা মতে সৰভোগৰ কেতেকীবাৰীৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ পাৰত জন্মিজয় দাসে বুধবাৰে দুপৰীয়া প্ৰায় ১ মান বজাত মৃতকৰ সৎকাৰ কৰাৰ বাবে ৰাইজৰ লগত গৈছিল।

মৃতকৰ সৎকাৰ শেষ হোৱাৰ পিছত লোকজন নদীত গা ধুবলৈ নাম আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। সন্ধানহীন জন্মিজয় দাসৰ ঘৰ সৰভোগৰ দক্ষিণ গণকগাড়ী গাঁৱত।

নদীত সন্ধানহীন হৈ পৰা জন্মিজয় দাসৰ ঘটনাটো সন্দৰ্ভত উপস্থিত লোকে সৰভোগ থানাত খবৰ দিয়ে।

ঘটনাৰ কিছু সময় পিছতে সৰভোগ থানাৰ আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে বেঁকী নদীত ব্যক্তিজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখে যদিও সন্ধানহীন লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।