NORTHEAST NOW (Assamese)

পঞ্চায়তৰ নথিত মহিলাৰ নামৰ বিপৰীতে পুৰুষৰ ফটো

November 25, 2017 12:58 pm · এন ই নাও নিউজ ব্যুৰো, গোৱালপাৰা :

গোৱালপাৰাৰ এটা সূত্ৰৰ পৰা এই কথা গম পোৱা গৈছে যে  ইয়াৰ গাওঁ পঞ্চায়তে এগৰাকী মহিলাৰ নামত প্ৰদান কৰা এখন প্ৰমাণপত্ৰত মহিলাগৰাকীৰ পৰিৱৰ্তে এজন পুৰুষৰ ফটো সন্নিৱিষ্ট কৰাৰ প্ৰমাদ ঘটিছে। মিনতি হাজং নামৰ মহিলাগৰাকীৰ এই প্ৰমাণপত্ৰখনত তেওঁৰ ফটোৰ পৰিৱৰ্তে এজন দঢ়ীয়া লোকৰ ফটো লগোৱাৰ লগতে তলত এই প্ৰমাণপত্ৰখন শৈক্ষিক উদ্দেশ্য আৰু বেংকৰ একাউণ্ট খোলাৰ উদ্দেশ্যত ব্যৱহাৰৰ বাবে দিয়া হৈছে বুলি লিখা হৈছে। আনহাতে প্ৰমাণপত্ৰখনত মহিলাগৰাকীৰ নাম মিনতি হাজং লিখাৰ বিপৰীতে তেওঁৰ স্বামীৰ নাম ইন্দ্ৰমোহন হাজৰিকা বুলি আছে । যিটো গাওঁ পঞ্চায়তে এই প্ৰমাণপত্ৰখন দিছে সেই হাৰিমূৰা পঞ্চায়তৰ সভাপতি যোগেশ চন্দ্ৰ ৰায়ৰ সৈতে যোগাযোগ কৰাত তেওঁ এইটো ভুল হোৱা বুলি স্বীকাৰ কৰে আৰু বিষয়টো আলোচনা কৰিবলৈ খুব সোনকালেই এখন সভা আহ্বান কৰিব। তেওঁ লগতে ভৱিষ্যতে এনে ভুল নকৰিবলৈ চেষ্টা কৰিব বুলিও কয়। তেওঁ এইবুলিও কয় যে এনৰেগাৰ একাউণ্ট এছিষ্টেণ্ট নুৰুল ইচলামে ডকুমেণ্টবোৰ চোৱাচিতা কৰে। খৰখেদাকৈ ডকুমেণ্টবোৰ প্ৰস্তুত কৰিব লগীয়া হ’লে তাত ভুল হোৱাৰ সম্ভাৱনা ৰৈ যায়। উল্লেখযোগ্য যে এন আৰ চিৰ ক্ষেত্ৰত পঞ্চায়তৰ দ্বাৰা প্ৰদত্ত নথিৰ বৈধতা গুৱাহাটী উচ্চ ন্যায়ালয়ে  নাকচ কৰাৰ পিছত বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

Related News