NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ বিজেপিক তুলাধুনা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

Posted by: অভিক চক্ৰবৰ্তী July 5, 2018 8:57 pm
Former CM Tarun Gogoi accuses BJP for failing to hold panchyat election

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে  বিজেপিয়ে অসমত পঞ্চায়তৰাজ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত বুলি গুৰুতৰ অভিযোগ তুলিছে। ডিব্ৰুগড়ৰ ৰাজভৱনত অনুষ্ঠিত এখন সভাত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে কয় যে বিজেপিয়ে অসমত পঞ্চায়ত ব্যৱস্থা অচল কৰিবলৈ বিচাৰিছে কাৰণ কাৰণ তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে।

তেওঁ কয়, ‘‘প্ৰথমতে ৰাজ্যিক বিজেপিয়ে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল কিন্তু তাত তেওঁলোক ব্যৰ্থ হৈছে। এতিয়া তেওঁলোকে আৰু সময় বিচাৰিছে। আচলতে বিজেপিয়ে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবই নিবিচাৰে।’’

উল্লেখ্য যে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ ছেপ্টেম্বৰৰ পূৰ্বে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।

গগৈয়ে কৈছে যে তেওঁলোকে তেওঁলোকৰ কাৰ্যকালত সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি গণতান্ত্ৰিক ব্যৱস্থাটোক বৰ্তাই ৰাখিছিল। কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুবছৰতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময় নাপালে। এতিয়া তেওঁলোকৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা নাই।

জনসাধাৰণক মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰে। তেওঁ দৃঢ়তাৰে কয়, ‘‘বিজেপিয়ে একো বিকাশৰ কাম কৰা নাই। সস্তীয়া বিজ্ঞাপন কৰিছে মাথোঁ। নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে বহুতো প্ৰতিশ্ৰুতি দিছিল কিন্তু ক্ষমতালৈ অহাৰ পাছত প্ৰতিশ্ৰুতি ৰক্ষা কৰাত বিজেপি ব্যৰ্থ হৈছে।’’

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ৬টা জাতিগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰ অলপো আগবঢ়া নাই।” ৰাজ্যখনত ছিণ্ডিকেটৰাজ উৎখাত কৰাত ব্যৰ্থ হোৱাৰ বাবেও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সোণোৱাল চৰকাৰক দোষাৰোপ কৰে।