NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 16, 2024 8:13 pm

কোকৰাঝাৰ জিলাৰ বিলাসপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ।

মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নিজি শহুৰেকে ব্যক্তিজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।

খবৰ অনুসৰি ৰহমান আলী নামৰ মৃত ব্যক্তিজনক গভীৰ নিশা ঘৰৰ পৰা লৈ গৈছিল শহুৰেক আৰু শাহুৱেকে।

পেছাত এজন ৰাজমিস্ত্ৰী আছিল ৰহমান আলী। একেখন গাঁৱৰ তাজিমা বেগমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। যোৱা দুবছৰ ধৰি চলি আহিছিল দুয়োৰে সংসাৰ।

বাতৰি অনুসৰি শেহতীয়াকৈ দম্পতীৰ মাজত কাজিয়া-পেচাল হৈছিল। ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ যে তাজিমা বেগম অবৈধ সম্পৰ্কত জড়িত আছিল, যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

ঘটনাস্থলীত বিলাসপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান এই গোচৰৰ তদন্ত চলি আছে।