NORTHEAST NOW (Assamese)
অসম

উত্তৰ পূব সীমান্ত ৰে’লৱেই নিযুক্তি দিলে নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 16, 2024 9:07 pm
উত্তৰ পূব সীমান্ত ৰে’লৱেই নিযুক্তি দিলে নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া

ভাৰতীয় ৰে’লৱেৰ ২০১৪ বেচৰ ট্ৰেফিক চাৰ্ভিচৰ বিষয়া শ্ৰী কপিঞ্জল কিশোৰ শৰ্মাই ১২.০৮.২০২৪ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে।

তেখেতে শ্ৰী সব্যসাচী দেৰ উত্তৰাধিকাৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰী কপিঞ্জল কিশোৰ শৰ্মাই গুৱাহাটীৰ আইআইটিৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত বি টেক আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিংত এম টেক ডিগ্ৰী লাভ কৰিছিল।

মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ আগতে তেওঁ আলিপুৰদুৱাৰ, লামডিঙৰ দৰে বিভিন্ন মণ্ডলত জ্যেষ্ঠ মাণ্ডলিক পৰিচালন প্ৰৱন্ধক, জ্যেষ্ঠ মাণ্ডলিক বাণিজ্যিক প্ৰৱন্ধক আদি হিচাপে অপাৰেটিং আৰু বাণিজ্যিক বিভাগত নিজৰ সেৱা আগবঢ়াইছিল।

শেহতীয়াকৈ তেখেত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত ডেপুটি চিচিএম/হেড কোৱাৰ্টাৰ হিচাপে কৰ্মৰত আছিল।