NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ; সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 2:32 pm
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ; সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰামণত সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত হয়।

শনিবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণ সংঘটিত কৰে আৰু এই গ্ৰেনেড আক্ৰমণত সাতগৰাকী সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হয়।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি সন্ত্ৰাসবাদীয়ে ট্ৰাল বাছ আস্থানত পহৰাৰ দায়িত্বত থকা সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে যদিও গ্ৰেনেডৰ লক্ষ্যচ্যুতি ঘটি সাধাৰণ নাগৰিকৰ মাজত ইয়াৰ বিস্ফোৰণ ঘটে।

আনহাতে, সন্ত্ৰাসবাদীৰ দলটোৱে গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সুৰক্ষা বাহিনীৰ লোকে বৰ্তমান সন্ত্ৰাসবাদী কেইজনৰ সন্ধানত অঞ্চলটোত অভিযান তীব্ৰ কৰি তুলিছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা মতে, বৰ্তমান সময়ত ভাৰত-পাকিস্তান সীমান্তত বহুসংখ্যক সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ বাবে বাহৰ পাতি আছে।