NORTHEAST NOW (Assamese)
অসম

পৃথিৱীৰ আকাৰ হেনো চেপেটাহে, গোলাকাৰ নহয়, বিষয়টোকলৈ চলিছে গৱেষণাও!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 2:21 pm
a unnamed

পৃথিৱীৰ আকৃতি কেনেকুৱা?

পাঠশালা স্কুলতে সোধা প্ৰশ্ন এটাকেই এতিয়া বিভিন্ন জনে সুধিবলৈ আৰম্ভ কৰিছে।

খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীতে  গ্ৰীক দাৰ্শনিক এৰাটোস্থেনিছে প্ৰমাণ কৰিছিল যে পৃথিৱীৰ আকৃতি ডিম্বাকৃতিৰ।

প্ৰথমাৱস্থাত সেই দাবী বহুতে মানি ল’ব বিচৰা নাছিল যদিও সময় যোৱাৰ লগে লগে পৃথিৱীযে ডিম্বাকৃতিৰ সেই কথাত প্ৰায় ভাগ লোক পতিয়ন গৈছিল।

কালক্ৰমত মহাকাশ যানেৰে মানুহে মহাকাশলৈ গৈ প্ৰমাণ পালে যে আমাৰ নীলা গ্ৰহটো সঁচাকৈয়ে ডিম্বাকৃতিৰ।

ইমানৰ পিছতো শেহতীয়াকৈ পৃথিৱী গোলাকাৰ নহয়, চেপেটা বুলিহে বিশ্বাস কৰা বহু মানুহে পূৰ্বৰ বিজ্ঞানীসকলে কৰি যোৱা মন্তব্যক মিছা প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগিছে।

পৃথিৱীৰ চেপেটা বুলি ভবা লোকসকলৰ ভিতৰত বহু পণ্ডিত, সাহিত্যিক, দাৰ্শনিক, আনকি বিজ্ঞানীও আছে।

পৃথিৱী চেপেটা বুলি প্ৰথমে ধাৰণাৰ সঞ্চাৰ কৰিছিল ব্ৰিটিছ সাহিত্যিক ছেমুৱেল ৰোবথামে।ৰোবথামৰ মতে চেপেটা পৃথিৱীৰ ঠিক মাজভাগতে আছে মেৰু।

১৯৫৬ চনত পৃথিৱী চেপেটা বুলি দাবী কৰা সকলে গঠন কৰিছিল ইণ্টাৰনেছনেল ফ্লেট আৰ্থ ৰিছাৰ্চ ছোচাইটি নামৰ সংস্থাটো।

২০০৯ চনত সংস্থাটোৰ নাম কিছু সলনি কৰি ফ্লেট আৰ্থ  ছোচাইটি কৰা হ’ল।বিশ্বৰ বিভিন্ন দেশত এই সংস্থাৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈ আহিছে।

এই সংস্থাৰ সদস্য কেলিফ’ৰ্নিয়াৰ বিজ্ঞানী মাইক হিউজকে পৃথিৱী যে চেপেটা সেয়া   ওপৰৰ পৰা চাই আহিবলৈ নিজে এটা ৰকেট সাজি উলিয়াইছিল আৰু সেই ৰকেটত উঠি যাত্ৰা আৰম্ভ কৰোতেই ১৫০০ মিটাৰ উচ্চতাত ৰকেট ভাগি মৃত্যু মুখত পৰিছিল।

ইমানৰ পিছতো অৱশ্যে চেপেটা পৃথিৱীৰ ধাৰণাত বিশ্বাসীসকল হতাশ হোৱা নাই।

তেওঁলোকৰ লক্ষ্য গৱেষণাৰে নাছাৰ ঘোষণাকো মিছা প্ৰমাণিত কৰা। লক্ষ্যণীয় ভাৱে এই সংস্থাত সদস্যৰ সংখ্যৈাও বাঢ়ি গৈছে হোৰা হোৰে।