NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ বিভাগৰ হাৰাশাস্তি; প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা পত্ৰ লিখি মধ্যপ্ৰদেশত কৃষকৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 1:51 pm

মধ্যপ্ৰদেশত এগৰাকী কৃষকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি আত্মহত্যা কৰে।

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হাৰাশাস্তিৰ বাবে মধ্যপ্ৰদেশৰ চাত্তাৰপুৰ জিলাৰ গাঁৱৰ কৃষক গৰাকীয়ে আত্মহত্যাৰ বাচি লোৱা বুলি স্থানীয় লোকে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা ভাষাৰে লিখা পত্ৰখনত মধ্যপ্ৰদেশৰ খেতিয়ক গৰাকীয়ে তেওঁৰ মৃতদেহটো চৰকাৰৰ হাতত অৰ্পন কৰাৰ বাবে আহ্বান জনায় যাতে

‘‘মোৰ মৃত্যুৰ পাছত মৃতদেহটো চৰকাৰৰ হাতত অৰ্পন কৰিব তেওঁলোকে মোৰ শৰীৰৰ অংগ প্ৰত্যংগ বিক্ৰী কৰি বিদ্যুতৰ মাচুল পৰিষোধ কৰিব,’’ মৃত্যুৰ পূৰ্বে আৱেগভৰা ভাষাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰখনত এনেদৰে উল্লেখ কৰে আত্মহত্যা কৰা দুৰ্ভগীয়া কৃষক গৰাকীয়ে।

কৃষক গৰাকীয়ে আত্মহত্যা কৰাৰ পাছত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, শুকুৰবাৰে নিশা দিল্লীৰ টিকৰি সীমান্তৰ কৃষক বিদ্ৰোহ স্থলীত এগৰাকী হাৰিয়ানাৰ কৃষকেও প্ৰচণ্ড শীতৰ বাবে জীৱন বিসৰ্জন দিবলগীয়া হয়।

প্ৰচণ্ড শীতৰ বাবে মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ কৃষক গৰাকীৰ মৃত্যু হয় বুলি আৰক্ষীৰ লোকে জানিব দিয়ে।