NORTHEAST NOW (Assamese)

পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত বোমা বিস্ফোৰণৰ চেষ্টা : দুজনক গ্ৰেপ্তাৰ ব্ৰাজিল আৰক্ষীৰ

May 6, 2025 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 6, 2025 3:56 pm

ৰিঅ ডি জেনেইৰৰ কোপাকাবানা বিচত পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত দুৰ্বৃত্তৰ বোমা আক্ৰমণৰ পৰিকল্পনা বিফল কৰিছে ব্ৰাজিলৰ আৰক্ষীয়ে।

ৰিঅ ডি জেনেইৰ অসামৰিক আৰক্ষী আৰু ন্যায় মন্ত্ৰালয়ে যৌথভাৱে চলোৱা এই অভিযানত প্ৰকাশ পাইছে যে ছচিয়েল মিডিয়াত খ্যাতি অৰ্জনৰ উদ্দেশ্যে কেইবাজনো সন্দেহযুক্ত লোকে ইম্প্ৰভাইজড বিস্ফোৰক ব্যৱহাৰ কৰি আক্ৰমণ চলাবলৈ আক্ৰমণকাৰী নিয়োগ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, এই পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড আৰু এজন কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে।

লেডী গাগাৰ দলটোৱে জনোৱা মতে, সংগীতানুষ্ঠানৰ পিছদিনা পুৱা সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে তেওঁলোকে বোমাৰ বিষয়ে জানিব পাৰিছিল। সেই অনুষ্ঠানত ২০ লাখতকৈ অধিক লোক গোট খাইছিল।

আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ পৰিকল্পনা কৰা গোটটোৱে মূলতঃ শিশু, কিশোৰ-কিশোৰী আৰু এলজিবিটিকিউ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ বিয়পাইছিল।

দক্ষিণৰ ৰিঅ গ্ৰেণ্ডে ড ছুলত অবৈধভাৱে আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত মাষ্টাৰমাইণ্ডজনক। আৰু কিশোৰগৰাকীক শিশু পৰ্ণগ্ৰাফী ৰখাৰ অভিযোগত ৰিঅ চহৰত গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে লগতে কয় যে গোটটোৱে কিশোৰ-কিশোৰীসকলক উগ্ৰবাদীকৰণৰ বাবে উৎসাহিত কৰিছে। কিশোৰ-কিশোৰীসকলক ‘আত্মহত্যামূলক আৰু ধ্বংসাত্মক বিষয়বস্তুত লিপ্ত হবলৈ অনুপ্ৰেৰিত কৰিছে।

লেডী গাগাৰ এগৰাকী মুখপাত্ৰই দ্য হলিউড ৰিপৰ্টাৰক জনোৱা মতে, আমি প্ৰথমে সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে এই ভাবুকিৰ বিষয়ে জানিব পাৰিলোঁ।

তেওঁ লগতে কয় যে, “লেডী গাগাক আৰক্ষী বা কৰ্তৃপক্ষই কোনো ধৰণৰ নিৰাপত্তাজনিত চিন্তা বা সম্ভাৱ্য বিপদৰ বিষয়ে শ্বটোৰ পূৰ্বে বা শ্বৰ সময়ত অৱগত কৰা নাছিল।

ন্যায় মন্ত্ৰালয়ে কয় যে সন্দেহযুক্ত লোককেইজনে নিজকে লেডী গাগাৰ অনুৰাগী বুলি পৰিচয় দিছে। গাগাৰ অনুৰাগীসকল বহুলভাৱে ‘লিটিল মনষ্টাৰছ নামেৰে পৰিচিত।

ৰিঅ ডি জেনেইৰ, মাটো গ্ৰ, ৰিঅ গ্ৰেণ্ডে ড ছুল আৰু চাও পাউলো ৰাজ্যত একেলগে চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে আৰক্ষীয়ে। এই সময়ছোৱাত জব্দ কৰা হৈছে বিভিন্ন বৈদ্যুতিক যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী।

ৰিঅৰ আৰক্ষীৰ পৰা পোৱা তথ্যৰ ভিত্তিত ‘অপাৰেচন ফেক মনষ্টাৰ নামৰ এই অভিযান আৰম্ভ হৈছিল। কিশোৰ-কিশোৰীসকলৰ মাজত হিংসা বিয়পাবলৈ সাংকেতিক ভাষা আৰু উগ্ৰ প্ৰতীক ব্যৱহাৰ কৰা অনলাইন গোট চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বৃহৎ নিৰাপত্তা অভিযানৰ অংশ হিচাপে সংগীতানুষ্ঠানত ৫ হাজাৰ আৰক্ষী বিষয়া নিয়োগ কৰা হৈছিল আৰু দৰ্শনাৰ্থীয়ে মেটেল ডিটেক্টৰৰ মাজেৰে পাৰ হবলগীয়া হৈছিল। ড্ৰন আৰু ফেচিয়েল ৰিকগনিচন কেমেৰাৰ সহায়ত এই অনুষ্ঠানটো নিৰীক্ষণ কৰা হৈছিল।

Related News