NORTHEAST NOW (Assamese)
অসম

পশ্চিম বংগ, আন্দামান নিকোবৰ কংগ্ৰেছৰ দায়িত্বত গৌৰৱ গগৈ

Posted by: এন ই নাও নিউজ May 27, 2018 6:24 pm
Gaurav-Gogoi

গৌৰৱ গগৈ ( Gaurav Gogoi )ক পশ্চিম বংগ আৰু আন্দামান নিকোবৰৰ নতুন ভাৰপ্ৰাপ্ত সচিবৰূপে আজি ২৭ মে’ত দায়িত্ব দিয়া হৈছে।

‘কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে তৎকালে কাৰ্য্যকৰী হোৱাকৈ পশ্চিম বংগ আৰু আন্দামান নিকোবৰৰ ভাৰপ্ৰাপ্ত সচিবৰূপে গৌৰৱ গগৈক নিযুক্তি দিছে’, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অশোক গেহলতে এক বিবৃতিযোগে জনায়।

পূৰ্বৰ সচিব চি পি যোশীৰ স্থানত কংগ্ৰেছ মুখপাত্ৰ তথা কলিয়াবৰৰ সাংসদগৰাকীক এই পদত নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অশোক গেহলতে আজি ২৭ মে’ত এই বিবৃতি জাৰি কৰিছে।