NORTHEAST NOW (Assamese)
অসম

পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ব দেশীয় সুৰাৰ মহল

Posted by: এন ই নাও নিউজ December 28, 2017 9:11 am

পহিলা জানুৱাৰীৰ পৰা সুৰাৰ মহল সমূহ বিলুপ্তি ঘটোৱা হ’ব বুলি আবকাৰী বিভাগে অধিসূচনাযোগে এই কথা বুধবাৰে প্ৰকাশ কৰে। দীৰ্ঘ দিনৰ পৰা সুৰাৰ মহল সমূহ বিলুপ্তি ঘটোৱাৰ চিন্তা চৰ্চা কৰি আছিল। আৰু সেই সূত্ৰে অসম চৰকাৰে ফেব্ৰুৱাৰী মাহতে লোৱা নতুন দেশীয় সুৰা নীতি ২০১৭ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে। কালি এই সন্দৰ্ভত আবকাৰী আয়ুক্তই কামৰূপ, শিৱসাগৰ, শিলচৰ, লখিমপুৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ উপায়ুক্ত আৰু আবকাৰী অধীক্ষক সকললৈ এক নিৰ্দেশ যোগে ৩১ ডিচেম্বৰৰ ভিতৰত দেশীয় সুৰাৰ ৱেৰ হাউছ সমূহ খালী কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ৩১ ডিচেম্বৰৰ পাছত তেনে ৱেৰ হাউছত কোনো দেশীয় সুৰা মজুত কৰি ৰাখিব নোৱাৰিব। যদিহে কোনো মজুতকাৰীয়ে দেশীয় সুৰা মজুত কৰি ৰখাৰ প্ৰমাণ পায় তেন্তে আবকাৰী আয়ুক্তই জিলা উপায়ুক্ত আৰু আবকাৰী অধীক্ষক সকলক তেনে ৱেৰ হাউছ সমূহক শীঘ্ৰে ছীল কৰাৰ নিৰ্দেশ জাৰি কৰে।