NORTHEAST NOW (Assamese)

পাঁচ গৰাকী ব্যক্তিলৈ ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা

December 11, 2017 3:55 pm ·
Updated: December 13, 2017 5:30 pm

দেওবাৰে আবেলি গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল জগদিশ মুখীয়ে ৫ গৰাকী ব্যক্তিক ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা প্ৰদান কৰে।

সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা  ব্যক্তি সকলক প্ৰদান কৰি অহা উক্ত বঁটাত ৫০,০০০ টকাৰ লগতে এখনি স্মাৰক আছে। এই বছৰৰ বঁটা প্ৰাপ্ত সকলৰ ভিতৰত আছে অৰুণ শৰ্মা(মৰোণত্তৰভাৱে), বিদ্যা ৰাও, দিলিপ কুমাৰ হাজৰিকা, অৰ্চনা মহন্ত আৰু ফটিক বৰুৱা।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গৰাকীয়ে সকলোকে মানৱীয়তাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা পাব্লিক ছেৰিটেবল ট্ৰাষ্ট’ য়ে সমাজলৈ আগবঢ়াই অহা অৱদানক প্ৰশংসা কৰি জগদিশ মুখীয়ে কয় যে সমাজৰ প্ৰতি আবঢ়োৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অৱদানে দৰিদ্ৰ আৰু অভাৱী লোকসকলক  এক মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ উপিৰও তেওঁ সকলোকে নিজৰ সামৰ্থ অনুযায়ী নিস্বাৰ্থভাৱে সমাজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। অসম ইয়াৰ স্বকীয় কলা, সাহিত্য, সংষ্কৃতিৰ বাবে জনাজাত আৰু উক্ত ব্যক্তি সকললৈ আগবঢ়োৱা এই বঁটা প্ৰদানে সাহিত্য, সংষ্কৃতিৰ ক্ষেত্ৰত যে অসম চহকী তাকে প্ৰতিপন্ন কৰিছে। তেওঁ আৰু কয় যে যিহেতু যুৱ সমাজেই হৈছে দেশৰ ভৱিষ্যত সেয়ে সমাজৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ সামৰ্থ অনুযায়ী যুৱ সমাজক অনুপ্ৰাণিত কৰাত সহযোগিতা আগবঢ়োৱা উচিত।

অনুষ্ঠানটোত ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা পাব্লিক ছেৰিটেবল ট্ৰাষ্ট’ৰ  কাৰ্যবাহী ট্ৰাষ্টি শংকৰ লাল গোৱেংকা, বিশিষ্ট সাংবাদিক ডি এন বেজবৰুৱা, ৰয়েল গ্ৰুপৰ অধক্ষ্য অশোক পানচাৰি আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News