NORTHEAST NOW (Assamese)

পাঠশালাৰ ডকাইতি কাণ্ড : নৈশ চকীদাৰৰ সহযোগত সংঘটিত হৈছিল ডকাইতি কাণ্ড

March 27, 2018 12:38 pm · এন ই নাও নিউজ

দেওবাৰে নিশা পাঠশালা বিদ্যুৎ উপ-সংমণ্ডলত সংঘটিত হৈছিল ডকাইতি ঘটনা।

সংমণ্ডলটোৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা দেওবাৰে নিশা ডকাইতে লুট কৰি নিছিল ১০ লাখকৈ টকা। উক্ত টকাখিনি বিদ্যুতৰ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা টকা আছিল।

উল্লেখযোগ্য যে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা অৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি আছিল।

অৱশেষত আৰক্ষীয়ে ডকাইতি কাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ডকাইতি কাণ্ডৰ লগত উপ সংমণ্ডলটোৰ নৈশ চকীদাৰৰ দায়িত্বত থকা অশ্বিনী তালুকদাৰৰ লগতে বিল কৰ্মী হজৰত আলী জড়িত আছিল।

নৈশ চকীদাৰৰ সহযোগত ৫জন দুৰ্বৃত্তই উপ সংমণ্ডলটোত ডকাইতি কাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ডকাইতৰ দলটোৱে কাৰ্যালয়টোৰ পৰা ধন সহ লৈ যোৱা লকাৰটো ধনখিনি লৈ লকাৰটো পহুমৰা নদীত পেলাই থৈ গৈছিল।

ইতিমধ্যে আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত ডুমুকীজান দলঙৰ তলৰ পৰা লকাৰটো উদ্ধাৰ কৰে। লগতে সোধ-পোছৰ বাবে ৪ জনক আটক কৰিছে আৰক্ষীয়ে।

Related News