NORTHEAST NOW (Assamese)
অসম

পাঠশালাৰ মদন ৰাউতা চিকিৎসালয়ক উন্নীত কৰাৰ আকস্মিক ঘোষণা স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

Posted by: শশাংক তালুকদাৰ May 16, 2018 7:24 pm
swahid madan routa hospital

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নতুন মন্ত্ৰী পীযুষ হাজৰিকাই বজালী মহকুমাৰ সদৰ পাঠশালাত অৱস্থিত চহিদ মদন ৰাউতা চিকিৎসালয়ক ১০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহত্তৰ বজালী অঞ্চলৰ দীৰ্ঘ দিনীয়া প্ৰয়োজন পূৰণ কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা এই পদক্ষেপত ৰাইজ আনন্দিত হৈছে।

যোৱা ১২ মে’ত পীযুষ হাজৰিকাই পাঠশালা ভ্ৰমণলৈ অহা সময়ত চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু ১০০ বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে নিৰ্মাণ ব্যয়ৰ বাবে ১৬ কোটি টকা অনুমোদন কৰাৰ কথা ঘোষণা কৰে।

এই হঠাতে কৰা ঘোষণাটো বৃহত্তৰ পাঠশালা অঞ্চলৰ বাবে আশিৰ্বাদৰ দৰে হৈ পৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰা কালত সংশ্লিষ্ট কৰ্তৃপক্ষক চিকিৎসালয়খন পৰিচ্চন্ন কৰি ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে পাঠশালা টাউন কমিটীৰ কাৰ্যাললত উপস্থিত হৈ চহৰখনৰ বিভিন্ন সমস্যাৱলী ওপৰত আলোচনা কৰে। টাউন কমিটীৰ চেয়াৰমেন হিমাংশু ৰয়, পাটাছাৰকুছি বিধান সভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা আৰু টাউন কমিটীৰ ভাইচ চেয়াৰমেন প্ৰভা দাসে মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।

মন্ত্ৰীগৰাকীৰ সম্বৰ্ধনা অনুষ্ঠানত আঁত ধৰিছিল লিখক পুলু শৰ্মাই। পাঠশালাৰ জ্যেষ্ঠ অধিবক্তা তথা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰী, আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আৰু বহু কেইগৰাকী আগশাৰীৰ নাগৰিকে মন্ত্ৰীগৰাকীক ফুলাম গামোচা, ছাটি, ছেলেং চাদৰ, শৰাই ইত্যাদিৰে মান ধৰে।

মন্ত্ৰীগৰাকীয়ে পাঠশালাৰ সমস্যাৱলীৰ বিষয়ে অৱগত হোৱাৰ পাছত তাৰ সমাধানত সহায়ৰ হাত আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ পূৰ্বে, মন্ত্ৰীগৰাকীক বজালী জিলা বিজেপিৰ কাৰ্যালয়ত সমিতিৰ সভাপতি ফণী পাঠক, প্ৰাঞ্জল ডেকা আৰু অন্যন্যই, মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমণি ৰয় (বাবি) আৰু বিজেপি দলৰ অন্যন্য সদস্যই সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে ক্ষমতালৈ আহিলে বজালী মহকুমাক জিলালৈ পৰ্যৱসিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল। বজালীৰ ৰাইজে এতিয়া আনুষ্ঠানিক ঘোষণালৈ বাট চাই আছে।