NORTHEAST NOW (Assamese)
অসম

৩১ মে’ৰ পূৰ্বে তামিলনাডুলৈ ৰে’ল আৰু বিমান চলাচলৰ অনুমতি নিদিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান মুখ্য মন্ত্ৰী পালানিস্বামীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2020 10:10 pm
৩১ মে’ৰ পূৰ্বে তামিলনাডুলৈ ৰে’ল আৰু বিমান চলাচলৰ অনুমতি নিদিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান মুখ্য মন্ত্ৰী পালানিস্বামীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আজি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে অনলাইন বৈঠকত অংশগ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰীৰে সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত তামিলনাডুৰ মুখ্য মন্ত্ৰী ইডাপ্পাদি কে পালানিস্বামীয়ে প্ৰধান মন্ত্ৰী মোদীক ৰাজ্যখনলৈ ৩১ মে’ পৰ্যন্ত কোনো যাত্ৰীবাহী ৰে’ল অথবা বিমান চলাচল কৰাৰ অনুমতি নিদিবলৈ আহ্বান জনায়।

ৰাজ্যখনত বৰ্ধিত ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি দৃষ্টি ৰাখিয়ে তেওঁলোকে এনে আহ্বান জনাইছে বুলি প্ৰধান মন্ত্ৰীক অৱগত কৰে।

তামিলনাডুত বৰ্তমানলৈ ৭,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা নিজ নিজ ৰাজ্যৰ শ্ৰমিক সকলক ঘৰলৈ ওভটাই অনাৰ বাবে নিৰ্দেশ দিছিল।

আৱদ্ধ হৈ থকা শ্ৰমিক সকলক ঘৰলৈ অনাৰ বাবে চৰকাৰে বিশেষ শ্ৰমিক ৰে’ল চলোৱাৰো সিদ্ধান্ত কৰে।

আনহাতে, ১২ মে’ৰ পৰা দেশত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ব।

যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হোৱাৰ পূৰ্বে তামিলনাডুৰ মুখ্য মন্ত্ৰীৰ এই আহ্বানে তাৎপৰ্য্য বহন কৰিছে।