NORTHEAST NOW (Assamese)
Popular Stories

তামিলনাডুৰ ৮৫ বছৰীয়া ‘ইডলি আম্মা’ই নিজৰ লোকচান কৰি প্ৰব্ৰজিত শ্ৰমিকক ১ টকাত যোগান ধৰিছে ইডলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2020 9:53 pm

দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডুৰ ‘ইডলি আম্মা’ হিচাপে পৰিচিত কে কমলাথালে ল’কডাউনৰ সময়ত আৱদ্ধ হৈ পৰা শ্ৰমিক সকলক মাত্ৰ ১ টকাত ইডলিৰ যোগান ধৰিছে।

তামিলনাডুৰ ৮৫ বছৰীয়া কে কমলাথালে এইক্ষেত্ৰত লোকচানৰ সন্মুখিন হ’লেও তেওঁ ইডলিৰ দাম বৃদ্ধি নকৰি এনেদৰে আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিক সকলক খাদ্যৰ যোগান ধৰি মহানুভৱতাৰ পৰিছয় দাঙি ধৰিছে।

ল’কডাউনৰ বাবে কে কমলাথালে নিজৰ ব্যৱসায়ত লোকচানৰ সন্মুখিন হ’লেও শ্ৰমিক সকলৰ ভোক দূৰ কৰাৰ বাবে ইডলিৰ দাম বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লয়।

‘‘প্ৰব্ৰজিত শ্ৰমিক সকল আমাৰ ইয়ালৈ আমাক সহায়ৰ বাবে আহিছে। তেওঁলোকে বিভিন্ন লোকৰ বাবে কেঁচা সামগ্ৰী উৎপাদনত জড়িত থাকি সহায় কৰি আছে,’’ ৮৫ বছৰীয়া কে কমলাথালে এইদৰে কয়।

আনহাতে, তামিলনাডুত আৱদ্ধ হৈ থকা বিভিন্ন ৰাজ্যৰ শ্ৰমিক সকলেও ইডলি আম্মাৰ ইডলি গ্ৰহণ কৰি ভোক দূৰ কৰাৰ লগতে বৃদ্ধা মহিলা গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

উল্লেখযোগ্য যে, ল’কডাউনৰ ফলত বিভিন্ন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক সকল আৱদ্ধ হৈ পৰিবলগীয়া হৈ পৰিছে।

বহু শ্ৰমিক খোজকাঢ়ি নিজ গৃহলৈ উভতি অহাৰ লগতে কিছু সংখ্যক শ্ৰমিক এনেদৰে আহি থকা অৱস্থাত বাটত মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

পৰৱৰ্তী সময়ত কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে বিশেষ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰে।