NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ফৰলেন নিৰ্মাণত অনিয়ম

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 19, 2022 6:36 pm

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। উল্লেখ্য যে শিৱসাগৰৰ জাঁজীৰ পৰা ডিমৌ আৰু ডিমৌৰ পৰা মৰাণলৈ ফৰলেন নিৰ্মাণৰ কাম বিগত চাৰি মাহ ধৰি বন্ধ হৈ আছে।

এই অংশৰ মূল কামৰ ঠিকা লাভ কৰা GDCLনামৰ প্ৰতিষ্ঠানটোৱে KCC আৰু KAPASI নামৰ দুটা কোম্পানীক sub contract প্ৰদান কৰিছিল। দীৰ্ঘদিন ধৰি GDCL নামৰ কোম্পানীটোৱে এই দুই কোম্পানীক বিলৰ টকা আদায় নিদিয়াৰ বাবে বিগত চাৰি মাহ ধৰি ফৰলেনৰ কাম বন্ধ হৈ আছে।

যাৰ বাবে পথ নিৰ্মাণত শিল, মাটি, বালি যোগান ধৰা আৰু সৰু সুৰা বাহন, ৰুলাৰ, জেচিবি আদি ভাড়ালৈ দিয়া বহু স্থানীয় লোকে পাপ্য ধন লাভ কৰা নাই।

যাৰবাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ফৰলেনৰ কামত সংঘটিত অনিয়ম আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতিশীঘ্ৰে ফৰলেনৰ কাম আৰম্ভ কৰিবলৈ দাবী জনায়।