NORTHEAST NOW (Assamese)

পাঠশালাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : এজন নিহত, ক্ষুব্ধ জনতাৰ থানালৈ শিলগুটি নিক্ষেপ

May 20, 2018 11:55 pm · শশাংক তালুকদাৰ
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

ভূটানৰ এখন তীব্ৰবেগী ট্ৰাকৰ খুণ্ডাত পাঠশালাত আজি নিশা এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি নগৰখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে দুখন ট্ৰাক জলাই দিয়াৰ লগতে থানালৈ শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

ঘটনাৰ বিৱৰণি অনুসৰি পাঠশালাৰ মিলনপূৰৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা ৮:১৫ বজাত ভূটানৰ এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াত ৰঞ্জন বৰুৱা নামৰ স্থানীয় যুৱকৰ থিতাতে মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শিৰ মতে ৰঞ্জন বৰুৱাই নিজৰ এ এছ ১৫ বি ৪৬৪৫ নম্বৰৰ দুচকীয়া বাহন খনেৰে বজাৰ লৈ আহি থকা অৱস্থাতে ভূটানৰ তীব্ৰবেগী ট্ৰাকখনে পিছফালৰ পৰা খুন্দিয়াই মহতিয়াই লৈ যায়।

দুৰ্ঘটনা সংঘটিত হোৱা পিছতেই উপস্থিত ৰাইজে খেদি খেদি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে, উত্তেজিত একাংশ লোকে ট্ৰাকখনৰ লগতে আন এখন ট্ৰাকো জ্বলাই দিয়ে। অৱশ্যে পিছত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

নীতি নিয়ম নমনা কৈ সঘনাই উক্ত পথটোত ভূটানৰ ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি অহাৰ লগতে ইতিমধ্যে বহু লোকৰ প্ৰাণ লৈছে, স্বাভাৱিকতে ভূটানৰ ট্ৰাকৰ এনে সঘন সন্ত্ৰাসত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

আজিৰ দুৰ্ঘটনাত নিহত মৃদুভাষী যুৱকজনৰ এনে আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ মাতৃৰ উপৰি পত্নী অাৰু এজনী কণ্যা সন্তান এৰি যায় l

Related News