NORTHEAST NOW (Assamese)

পানেৰী থানাৰ অন্তৰ্গত গিটিবাৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

February 13, 2018 6:34 pm · এন ই নাও নিউজ
Updated: February 13, 2018 7:27 pm
ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত গিটিবাৰীত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰামতে আজি পুৱাৰ ভাগত ননৈ নদীৰ কাষৰ এটা নিৰ্মাণস্থানত এজন যুৱকৰ মৃতদেহ পৰি থকা স্থানীয় লোকসকলৰ চকুত পৰে।
 খুঁটা নিৰ্মাণৰ বাবে নতুনকৈ খন্দা গাঁত এটাত মৃতদেহটো পৰি আছিল বুলি জানিব পৰা গৈছে। মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত ছনু দাস নামৰ ৩৫ বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হয়। ছনু যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।
ৰাইজে সন্দেহ কৰা মতে যুৱকজন কেনেবাকৈ গাঁতটো পৰি গৈছিল।

Related News