পিঞ্জৰাত সোমাল চৰাইদেউৰ মাইবেলাত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী
চৰাইদেউৰ মাইবেলাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা প্ৰকাণ্ড নাহৰফুটুকীটো অৱশেষত পিঞ্জৰাৱদ্ধ কৰা হ’ল। মাইবেলা সেনা ছাউনীৰ কাষত বন বিভাগে পতা পিঞ্জৰাত বাঘটো বন্দী হয়।
চৰাইদেউৰ জিলাৰ মাইবেলাত দীৰ্ঘ দিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটোৱে অঞ্চলটোত বিচৰণ কৰি থকাৰ খবৰ লাভ কৰি অঞ্চলবাসীয়ে বনবিভাগক অৱগত কৰে। দীৰ্ঘদিন ধৰি বাঘটোৱে সৃষ্টি কৰি অহা সন্ত্ৰাসত অঞ্চলটোৰ বাসিন্দাসকল অতিষ্ঠ হৈ পৰিছিল।
ইপিনে সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীটোৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত বাঘটোক বন্দী কৰাৰ বাবে বন বিভাগৰ বিষয়াসকল তৎপৰ হৈ পৰে। সেই অনুযায়ী বৃহস্পতিবাৰে সোণাৰি আঞ্চলিক বন বিভাগে অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে।
অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাতে প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়। বৰ্তমান বাঘটো সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে।
নাহৰফুটুকীটো চাবলৈ বন বিষয়াৰ কাৰ্যালয়ত স্থানীয় ৰাইজৰ হেতা ওপৰা লাগিছে।