পি এফ ই স্পৰ্টছ মেনেজমেন্টে উন্নত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিলে তিনিগৰাকী বেডমিণ্টন খেলুৱৈক
প্ৰফেশ্যনেল ফাৰ ইষ্ট স্পৰ্টছ মেনেজমেন্টে (পি এফ ই) সদৌ অসম চাব্-জুনিয়ৰ বেডমিণ্টন বৃত্তি প্ৰতিযোগিতাৰ পৰা তিনিগৰাকী অতি সম্ভাৱনাপূৰ্ণ খেলুৱৈক নিৰ্বাচিত কৰিছে আৰু শীঘ্ৰেই খেলুৱৈসকলৰ সৈতে এবছৰৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ এখন চুক্তিত স্বাক্ষৰ কৰিব।
ডিব্ৰুগড় ইণ্ডোৰ ষ্টেডিয়ামত সাংবাদিকৰ আগত পিএফই স্প’ৰ্টছ মেনেজমেন্টৰ প্ৰতিষ্ঠাপক স্বত্ত্বাধিকাৰী প্ৰীতম দাসে কয়,’’ তিনিদিনীয়া কাৰ্যসূচীৰ পৰা আমি তিনিগৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছো আৰু অসমৰ বাহিৰত বেডমিণ্টনৰ উন্নত প্ৰশিক্ষণৰ বাবে আমি তেওঁলোকক বিত্তীয় সাহায্য আগবঢ়াম। প্ৰথমবাৰৰ বাবে অসমত এনেধৰণৰ প্ৰচেষ্টা লোৱা হৈছে।‘’ তেওঁ কয় যে তেওঁলোকে ডিব্ৰুগড়ত ভাল সঁহাৰি লাভ কৰিছে আৰু এই তিনিদিনীয়া প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ পৰা মুঠতে ৩১৮ গৰাকী প্ৰতিশ্ৰুতিসম্পন্ন বেডমিণ্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।
‘’ আমি নিৰ্বাচিত কৰা খেলুৱৈ কেইগৰাকী হৈছে ক্ৰমে যোৰহাটৰ অভিকা বৰগোহাই (১১ৰ অনুৰ্দ্ধৰ), লখিমপুৰৰ যশদীপ গগৈ (১৩ ৰ অনুৰ্দ্ধৰ) আৰু ডিব্ৰুগড়ৰ ইশাৰাণী বৰুৱা (১৫ ৰ অনুৰ্দ্ধৰ)। আমি শীঘ্ৰেই তেওঁলোকৰ সৈতে এবছৰৰ বাবে চুক্তিত স্বাক্ষৰ কৰিম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে তেওঁলোকক সা-সুবিধা আগবঢ়াম। তেওঁলোকৰ তিনিওজনৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ সম্ভাৱনা আছে,’’-দাসে জনায়। তেওঁ লগতে জনায় যে তেওঁলোকৰ উদ্দেশ্য হৈছে প্ৰতিভাৰ সন্ধান কৰি তাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সঠিকভাৱে প্ৰস্তুত কৰি তোলা।
৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে ডিব্ৰুগড় জিলা সংস্থাৰ সহযোগত।