NORTHEAST NOW (Assamese)

পূব মণ্ডল সৈনিক বিদ্যালয় প্ৰতিযোগিতা-২০১৮ : গোৱালপাৰা শীৰ্ষত

July 13, 2018 8:07 pm · ছফিকুল আহমেদ

পূব মণ্ডল সৈনিক বিদ্যালয়ৰ ক্ৰীড়া আৰু সহ-পাঠ্যক্ৰম প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰিছে।এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল গোৱালপাৰাৰ সৈনিক বিদ্যালয়ত। কামাণ্ডাৰ ৰীণা মাগডালেনেই সামৰণি আৰু বঁটা বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰিছিল আৰু বিগত কেইদিনত কেইটামান আশ্বৰ্যজনক সমাপ্তি ঘটাটো দৰ্শকসকলৰ দৃষ্টিত পৰিছিল।

সৈনিক বিদ্যালয় পুৰুলীয়া (পশ্চিমবংগ) সৈনিক বিদ্যালয় ইম্ফল(মণিপুৰ) আৰু সৈনিক বিদ্যালয় পাংলোৱা (নাগালেণ্ড)আদি সৈনিক বিদ্যালয়ৰ কেডেটসকল আৰু আয়োজক সৈনিক বিদ্যালয়ৰ কেডেটসকলে (১৪ অনূৰ্ধ আৰু ১৭ অনূৰ্ধ) ফুটবল, বাস্কেট বল, ভলীবল, হকী, ইংআৰজী আৰু দিন্দী তৰ্ক প্ৰতিযোগিতা, কুইজ আৰু ভালেকেইটা বিনোদনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। বিগত পাঁচ দিনত বিদ্যালয়ৰ পৰিৱেশটো উৎসৱমুখৰ হৈ পৰিছিল।

দুধনৈৰ  এনাজৰি সাংস্কৃতিক দলে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানেৰে আৰু লোক সংস্কৃতিৰ ওপৰত এটা আলোচনাৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।

ক্ৰীড়া শাখাত সৈনিক বিদ্যালয় ইম্ফলে(মণিপুৰ) ফুটবলত (১৪ অনূৰ্ধ), সৈনিক বিদ্যালয় পাংলোৱাই (নাগালেণ্ড) বাস্কেটবল আৰু  সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) ফুটবলত (১৭ অনূৰ্ধ), ভলীবল আৰু হকীত বিজয়ীৰ ট্ৰফী লাভ কৰে। সহপাঠ্যক্ৰম শাখাত সৈনিক বিদ্যালয় পুৰুলীয়াই (পশ্চিমবংগ) ইংৰাজী তৰ্ক আৰু সৈনিক বিদ্যালয় পাংলোৱাই (নাগালেণ্ড)বিন্ন বিনোদন অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে। সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) কুইজত প্ৰথম স্থান লাভ কৰে। প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ বিজয়ী বিদ্যালয় হিচাপে সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) নিজৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

সৈনিক বিদ্যালয় ইম্ফলৰ (মণিপুৰ) কেডেট শ্ৰীনাথ নংমেই কাপামক (নৱম মান)ফুটবলত (১৪ অনূৰ্ধ) সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে আৰু সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট লবছাং টপগেক (দশম মান) ফুটবলত (১৭ অনূৰ্ধ) সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাছনি কৰা হয়। সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট নীতেশ কুমাৰ সাপকটাক (দশম মান) ভলীবলত আৰু কেডেট সুৰেশ কুমাৰক (একাদশ) হকীত সৰ্বশেৰেষ্ঠ খেলুৱৈ হিচাপে বাচনি কৰা হয়।

আৰু সৈনিক বিদ্যালয় পুৰুলীয়াৰ (পশ্চিমবংগ) কেডেট ৰোকোজোবেই নিছাক (একাদশ মান)বাস্কেটবলৰ অধিকতম স্কৰাৰৰ (সৰ্বমুঠ ৮৫ বাস্কেট) সন্মান আৰু সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট ময়ুখ দত্তক(দশম মান) বিভিন্ন বিনোদনমূলক অনুষ্ঠানৰ মাষ্টাৰ অব চেৰিমনি বঁটা প্ৰদান কৰা হয়।

Related News