NORTHEAST NOW (Assamese)

পৃথক ডিমা হাচাও জিলা গঠন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা হ’ব মন্ত্ৰী গোট : হিমন্ত বিশ্ব শৰ্মা

March 29, 2018 10:49 pm · পংকজ কুমাৰ দেব
প্ৰতিনিধি দলৰ সৈতে মন্ত্ৰী ডঃ শৰ্মা

পৃথক ডিমা হাচাও জিলা গঠন সন্দৰ্ভত বিবেচনা কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা হ’ব মন্ত্ৰী গোট। সুকীয়া জিলাখন গঠন সন্দৰ্ভত আজি ২৯ মাৰ্চত ইণ্ডিজেনাছ পীপলচ ফ’ৰাম আৰু ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামৰ এক প্ৰতিনিধি দলক দিচপুৰত হোৱা এক বৈঠকত এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিষয়টো সন্দৰ্ভত আলোচনা কৰা বাবে অহা ২১ এপ্ৰিলত হাফলঙলৈ আহিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বৈঠকত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই জনাই যে এই মন্ত্ৰী গোটৰ সৈতে হাফলং বা দিচপুৰত উপৰোক্ত বিষয় প্ৰসঙ্গত আলোচনা হ’ব।

বৈঠকত কোৱা হয় যে পৃথক জিলা গঠন ৰাজ্য চৰকাৰৰ এক্তিয়াৰত আছে। কিন্তু স্বায়ত্ত শাসিত পৰিষদ গঠন কেন্দ্ৰীয় চৰকাৰৰ বিষয় আৰু ইয়াৰ বাবে সংবিধান সংশোধন কৰিব লাগিব।

তথাপি এই বিষয়ত আলোচনাৰ মাধ্যমেৰে আগবঢ়াৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

পৃথক জিলা গঠনক বিজেপি মিত্ৰজোঁট চৰকাৰে অধিক গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে আইএছএফ সভাপতি ডেভিদ কেইভমে।

বৈঠকখনত বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যও উপস্থিত থাকে।

Related News